সীতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
13 নং শাৰী:
'''সীতা''' ({{lang-sa|सीता}}) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য [[ৰামায়ণ]] আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক [[ভূদেৱী|ভূমি]]ৰ (পৃথিৱী) কন্যা আৰু [[মিথিলা (বিদেহ ৰাজ্য)|বিদেহ]]ৰ ৰজা [[জনক]] আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ [[উৰ্মিলা]] নামৰ এগৰাকী কনিষ্ঠ ভগ্নী, আৰু [[মাণ্ডৱী]] আৰু [[শ্ৰুতকীৰ্তি]] নামৰ দুগৰাকী সম্পৰ্কীয় ভগ্নী আছে।<ref name="Sutherland AOS">{{cite web|last=Sutherland|first=Sally J.|title=Sita and Draupadi, Aggressive Behavior and Female Role-Models in the Sanskrit Epics|url=http://sseas.berkeley.edu/sites/default/files/faculty/files/sita_and_draupadi.pdf|publisher=University of California, Berkeley|access-date=1 August 2012}}</ref><ref name="Parmeshwaranand">{{cite book|author=Swami Parmeshwaranand|title=Encyclopaedic Dictionaries of Puranas|url=https://books.google.com/books?id=FdIkaccgneAC&pg=PA1210|access-date=31 July 2012|publisher=Sarup & Sons|isbn=978-81-7625-226-3|pages=1210–1220|date=2001-01-01}}</ref> সীতা তেওঁৰ নিষ্ঠা, আত্মত্যাগ, সাহস আৰু পবিত্ৰতাৰ বাবে জনাজাত। তেওঁক '''বৈদেহী''', '''জানকী''', '''বিদেহ নন্দিনী''' আৰু '''মৈথিলী''' আদি নামেৰেও জনা যায়।
 
সীতাই যৌৱনকালত [[অযোধ্যা (পৌৰাণিক নগৰ)|অযোধ্যা]]ৰ ৰাজকুমাৰ [[ৰাম]]ক স্বয়ংবৰত তেওঁৰ স্বামী হিচাপে বাছনি কৰে। স্বয়ংবৰৰ পিছত তেওঁ ৰামৰ সৈতে অযোধ্যালৈ যায়, কিন্তু পিছত তেওঁৰ স্বামী আৰু দেওৰেক [[লক্ষ্মণ]]ৰ সৈতে বনবাস খাটিবলৈ যায়। নিৰ্বাসিত অৱস্থাত তিনিওজনে [[দণ্ডকাৰণ্য]]ত বসতি স্থাপন কৰে য'ৰ পৰা তেওঁক [[লংকা]]ৰ [[ৰাক্ষস|ৰাক্ষস-ৰাজ]] [[ৰাৱণ|ৰাৱণে]] অপহৰণ কৰে। পিছত লংকাৰ [[অশোক বন]]ত বন্দী হৈ থকাৰ পৰা তেওঁক ৰামে উদ্ধাৰ কৰে। লংকাৰ যুদ্ধৰ পিছত মহাকাব্যৰ কিছুমান সংস্কৰণত, ৰামে সীতাক অগ্নিপৰীক্ষাৰ জৰিয়তে তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰিবলৈ কয়।কয়; যাৰ বাবে [[লক্ষ্মণ|লক্ষ্মণে]] তেওঁৰ ভায়েক [[ৰাম]]ৰ ওপৰত প্ৰথম বাৰ খং কৰে৷
 
ৰামায়ণৰ অন্য সংস্কৰণত, ৰাক্ষস-ৰাজ ৰাৱণে অপহৰণ কৰা [[সীতা]] গৰাকী প্ৰকৃততে সীতাৰ নকল ৰূপ [[মায়া সীতা]]হে আছিল যি অগ্নিৰ দ্বাৰা সৃষ্টি হৈছিল আৰু প্ৰকৃত সীতা জুইত লুকাই আছিল৷ কিছুমান শাস্ত্ৰত তেওঁক পূৰ্বৱৰ্তী জন্মত [[বেদৱতী]] বুলিও উল্লেখ কৰা হয়, যাক ৰাৱণে উৎপীড়ন কৰিবলৈ চেষ্টা কৰিছিল।<ref>{{Cite news|date=2014-04-10|title=The haughty Ravana|language=en-IN|work=The Hindu|url=https://www.thehindu.com/features/friday-review/religion/the-haughty-ravana/article5897460.ece|access-date=2020-07-02|issn=0971-751X}}</ref> অগ্নিপৰীক্ষাৰ দ্বাৰা তেওঁৰ পবিত্ৰতা প্ৰমাণ কৰাৰ পিছত ৰাম আৰু সীতা অযোধ্যালৈ আহে আৰু ৰজা-ৰাণী হিচাপে মুকুট পৰিধান কৰে৷ এদিন এজনে সীতাৰ পবিত্ৰতাকলৈ প্ৰশ্ন কৰে আৰু নিৰ্দোষতা প্ৰমাণ কৰি নিজৰ আৰু ৰাজ্যৰ মৰ্যাদা বজাই ৰাখিবলৈ সীতাক [[বাল্মীকি|ঋষি বাল্মীকি]]ৰ আশ্ৰমৰ ওচৰৰ অৰণ্যলৈ পঠিয়ায়। কেইবাবছৰ পিছত, সীতাই তেওঁৰ দুই পুত্ৰ [[লৱ (ৰামায়ণ)|লৱ]] আৰু [[কুশ (ৰামায়ণ)|কুশ]]ক তেওঁলোকৰ পিতৃ ৰামৰ সৈতে মিলিত কৰাৰ পিছত তেওঁ বিশুদ্ধতাৰ প্ৰমাণ হিচাপে এক নিষ্ঠুৰ পৃথিৱীৰ পৰা মুক্তিৰ বাবে তেওঁৰ মাতৃ [[ভূদেৱী|পৃথিৱী]]ৰ গৰ্ভলৈ উভতি যায়৷<ref>{{cite book|title=India through the ages|url=https://archive.org/details/indiathroughages00mada|last=Gopal|first=Madan|year= 1990| page= [https://archive.org/details/indiathroughages00mada/page/78 78]|editor=K.S. Gautam|publisher=Publication Division, Ministry of Information and Broadcasting, Government of India}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/সীতা"ৰ পৰা অনা হৈছে