বিত্তীয় বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
কিছুমান দেশত, বিত্তীয় বৰ্ষটো ই আৰম্ভ হোৱা কেলেণ্ডাৰ বৰ্ষৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণ স্বৰূপে, ভাৰতত ২০২২ চনৰ মাৰ্চত হোৱা ব্যয় ২০২১ বিত্তীয় বৰ্ষৰ অংশ হ'ব যি এপ্ৰিল-মাৰ্চৰ বিত্তীয় বৰ্ষপঞ্জীত অন্তৰ্ভুক্ত হ’ব। আন দেশবোৰত বিত্তীয় বৰ্ষটো ই শেষ হোৱা কেলেণ্ডাৰ বৰ্ষৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণ স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত, ২০২১ চনৰ ১৪ নৱেম্বৰ তাৰিখে হোৱা চৰকাৰৰ ব্যয় ২০২২ বিত্তীয় বৰ্ষৰ হ'ব যি অক্টোবৰ-ছেপ্টেম্বৰৰ বিত্তীয় বৰ্ষপঞ্জীত অন্তৰ্ভুক্ত হ’ব। <ref>{{cite web|title=Definition of fiscal year investopedia.com|url=http://www.investopedia.com/terms/f/fiscalyear.asp}}</ref>
==কৰ বৰ্ষ==
ব্যক্তি আৰু প্ৰতিষ্ঠানবোৰে আয়কৰ প্ৰতিবেদন দাখিল আৰু পৰিশোধ কৰাৰ বাবে বিত্তীয় বৰ্ষক প্ৰায়ে কৰদাতাৰ কৰ বৰ্ষ বা কৰযোগ্য বৰ্ষ বুলি কোৱা হয়। বহুতো ক্ষেত্ৰৰ কৰদাতাই তেওঁলোকৰ কৰ বৰ্ষ বাছনি কৰিব পাৰে।<ref>See, e.g., [https://www.irs.gov/pub/irs-pdf/p538.pdf U.S. IRS Publication 538].</ref> কিছুমান দেশ যেনে [[কানাডা]] আৰু [[ছুইজাৰলেণ্ড]]ত ফেডাৰেল বৰ্ষৰ সৈতে সংগতি ৰাখিবলৈ প্ৰাদেশিক কৰ বৰ্ষৰ প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰত ফেডাৰেল চৰকাৰে ১৯৭৬ চনত বিত্তীয় বৰ্ষৰ শেষৰ তাৰিখ ৩০ ছেপ্টেম্বৰলৈ সলনি কৰোঁতে বেছিভাগ ৰাজ্যই ৩০ জুনক বিত্তীয় বৰ্ষৰ শেষৰ তাৰিখ হিচাপে নিৰ্বাচন কৰিছিল। প্ৰায় সকলো অধিকাৰ ক্ষেত্ৰৰ বাবে কৰ বৰ্ষ ১২ মাহ বা ৫২/৫৩ সপ্তাহ হ'ব লাগে। <ref name="USC441">{{cite web|url=https://www.law.cornell.edu/uscode/text/26/441-|title=26 U.S. Code § 441 - Period for computation of taxable income|work=LII / Legal Information Institute|access-date=5 January 2016}}</ref> অৱশ্যে, প্ৰথম বছৰ হিচাপে বা কৰ বৰ্ষ সলনি কৰোঁতে হ্ৰস্বম্যাদী বৰ্ষ গণনাৰ অনুমতি দিয়া হয়। <ref>[https://www.law.cornell.edu/uscode/text/26/443- 26 USC 443].</ref>
 
বহুতো অধিকাৰ ক্ষেত্ৰৰ বাবে কৰ বৰ্ষটো বিত্তীয় প্ৰতিবেদনৰ বাবে কৰদাতাৰ বিত্তীয় বৰ্ষৰ সৈতে খাপ খোৱাটো প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰ এই ক্ষেত্ৰত এক উল্লেখযোগ্য ব্যতিক্ৰম। ইয়াত কৰদাতাসকলে যিকোনো কৰ বৰ্ষ বাছনি কৰিব পাৰে, কিন্তু এনে বছৰৰ বাবেহিচাপৰ নথি-পত্ৰ মজুত ৰাখিব লাগিব। <ref name="USC441"/>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}