বদৰুদ্দিন আজমল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:E81:DFBC:151C:AF89:9291:E35D (আলোচনা)-ই কৰা 289529 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
43 নং শাৰী:
 
জৰ্ডানৰ ৰয়েল ইছলামিক ষ্ট্ৰেজিক ষ্টাডীছ চেণ্টাৰে প্ৰকাশ কৰা ২০১৫-১৬ বৰ্ষৰ "পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হৈছে।
=========================
১৯৫০ চনৰ ১২ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ হোজাইস্থিত গোপাল নগৰত মওলানা বদৰুদ্দিন আজমল চাহাবৰ জন্ম হয়। হোজাইতে প্ৰাথমিক শিক্ষা সাং কৰি বদৰুদ্দিন আজমলে উত্তৰ প্ৰদেশৰ বিখ্যাত ইছলামিক শিক্ষানুষ্ঠান "দাৰুল উলুম দেওবন্দ"ৰপৰা ১৯৭৫ চনত মওলানা (ইছলামিক শাস্ত্ৰত স্নাতকোত্তৰ) ডিগ্ৰী লাভ কৰে। ১৯৫১ চনত পোন প্ৰথম বাৰৰ বাবে মুম্বাইত আগৰ আৰু আঁতৰৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি প্ৰতিষ্ঠা লাভ কৰা পিতৃ হাজী আজমল আলী তেতিয়াৰ নগাঁও অঞ্চলত দুখীয়া দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত ব্যাপক হাৰত অন্ন-বস্ত্ৰ দান কৰি "আজমল শ্বেঠ" নামে বিখ্যাত হৈ পৰিছিল। মাতৃ মৰিয়ম নেছাও দানশীলতাৰ ক্ষেত্ৰত স্বামী আজমল আলীৰ সৈতে প্ৰতিযোগিতা কৰি মহিলাসকলৰ মাজত "শ্বেঠানী" নামে পৰিচিত আছিল।
দিনক দিনে তেওঁলোকৰ ব্যৱসায় প্ৰসাৰিত হোৱাৰ সমান্তৰালকৈ প্ৰতিবছৰে ৰমজানৰ ঈদৰ সময়ত আদায় দিয়া জাকাত আৰু দান বৰঙণিৰ পৰিমাণ তথা সেৱা দান কৰা এলেকাও বৃদ্ধি হ'ব ধৰিলে। এটা সময়ত এই পদ্ধতি অনিয়ন্ত্ৰিত ৰূপ ধাৰণ কৰাত আজমল তনয় সকলে কেৱল জাকাত প্ৰদান আৰু আৰ্তজনক সহায়ৰ নিমিত্তে ১৯৮৩ চনত "মাৰ্কাজুল মা'আৰিফ" নামৰ দাতব্য অনুষ্ঠানটি প্ৰতিষ্ঠা কৰে। কালক্ৰমত এই অনুষ্ঠানটি বিস্তাৰ লাভ কৰি ১৯৯৪ চনৰপৰা পীৰিত আৰু বিপদগ্ৰস্থসকলক আৰ্থিক সহায়ৰ ওপৰিও শিক্ষাসেৱা, বিভিন্ন গ্ৰন্থ প্ৰনয়ন, প্ৰকাশন আদিৰ কামতো জৰিত হৈ পৰে। তেতিয়াৰ পৰাই বদৰুদ্দিন আজমলৰ হাতত পিতৃৰ যাৱতীয় ব্যৱসায়-বাণিজ্য আৰু সমাজসেৱাৰ দায়িত্বভাৰ আহি পৰে।
 
আজমলৰ ব্যৱসায়
---------------------------
১৯৫১ চনৰপৰা আজিৰ তাৰিখলৈকে বদৰুদ্দিন আজমলৰ ৬টাকৈ প্ৰাইভেট লিমিটেড কোম্পানী স্থাপিত হৈ সম্প্ৰতি ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ প্ৰায় ২৭ খন সৰু-ডাঙৰ দেশত প্ৰচলিত। সেইবোৰ হ'ল---
1. Ajmal Fragrance & Fashions Pvt.Ltd.
2. Ajmal Holdings and Investment Pvt.Ltd.
3. Belleza Enterprise Ltd.
4. Happy Nest Developers Pvt.Ltd.
5. Al Majid Distrillation and Processing Pvt.Ltd.
6. Ajmal Biotech Pvt.Ltd.
এই ছয়টা কোম্পানীয়ে সংশ্লিষ্ট দেশসমূহত নিয়মিত কৰ আদায় দি ব্যৱসায় কৰি সেৱা দান কৰাৰ সমান্তৰালকৈ বৈধভাৱে ধন উপাৰ্জন কৰি আহিছে। আজিৰ তাৰিখত বদৰুদ্দিন আজমল অসমৰ সবাতোকৈ ধনী ব্যক্তি।
 
আজমল ফাউণ্ডেশ্যন
-------------------------------
বানপানী, ভূমিকম্প, অগ্নিকাণ্ড, ধুমুহা, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্তসকলক উদ্ধাৰ আৰু সহায়, দৰিদ্ৰ জনলৈ শিক্ষা আৰু স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ, ত্ৰাণ সাহায্য বিতৰণ আৰু পুনৰ সংস্থাপন, পৰিৱেশ সুৰক্ষা, ভ্ৰাতৃত্ববোধ গঠন, সাম্প্ৰদায়িক সম্প্ৰীতি সুৰক্ষা আদি সমাজ সেৱামুলক কাম কৰাৰ উদ্দেশ্যে সংবিধানৰ "The Charitable Trust Act of 1882"ৰ অধীনত বদৰুদ্দিন আজমলৰ অৰ্থদানেৰে ২০০৫ চনত স্থাপিত হয় অসমৰ এটি বৃহৎ বেচৰকাৰী প্ৰতিষ্ঠান "আজমল ফাউণ্ডেশ্যন"।
 
আজমল ফাউণ্ডেশ্যনৰ শিক্ষা সেৱা
-------------------------------------------------
আজমল ফাউণ্ডেশ্যনৰ অধীনত আজিৰ তাৰিখলৈকে অসমৰ বিভিন্ন প্ৰান্তত ৪৭ খন ভিন্ন মাধ্যমৰ স্কুল আৰু ২৪ খন কলেজ পৰিচালিত হৈ আহিছে। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ লগতে আইন মহাবিদ্যালয়, বিএড কলেজ, নাৰ্চিং স্কুল, শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান আদিকে ধৰি কেবাখনো ইতিমখানা (অনাথালয়) আৰু বিভিন্ন শিতানৰ এই শিক্ষা প্ৰতিষ্ঠানবোৰে অসমত সফলতা অৰ্জন কৰি লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। আগলৈ এই ট্ৰাষ্টৰ অধীনত ৰাজ্যত এখন মহিলা বিশ্ববিদ্যালয়কে ধৰি দুখন বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা আছে বুলি সংস্থাটোৰ ট্ৰাষ্টী বদৰুদ্দিন আজমল চাহাবে প্ৰকাশ কৰিছে। আজমল ফাউণ্ডেশ্যনৰ অধীনস্থ শিক্ষানুষ্ঠানৰ পৰা এতিয়ালৈকে প্ৰায় ৮৯ লাখ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছে। স্কুল কলেজৰ ওপৰিও IIT, NIIT, NEET, MBBS, Engineering আদি পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা অৰ্জনৰ বাবে ৰাজ্য জুৰি "Ajmal Super40", "Ajmal Talent Search" নামৰ কেইবাটাও প্ৰতিযোগিতামুলক পৰীক্ষা পদ্ধতি প্ৰচলিত আছে। দৰিদ্ৰ আৰু মেধাসম্পন্ন ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীক ফাউণ্ডেশ্যনৰ নিজা খৰচত বহিঃৰাজ্যৰ উন্নত শিক্ষানুষ্ঠানত পঢ়াবলৈ দায়িত্বভাৰ লোৱা ফাউণ্ডেশ্যনে গোলকগঞ্জৰ মানিক ৰয় নামৰ মেধাৱী ছাত্ৰজনক ৰাজস্থানৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰোৱাই তেওঁৰ বাবে ২০ লাখ টকা ব্যয় কৰাৰ ব্যৱস্থা হাতত লৈছে।
 
স্বাস্থ্য সেৱা
-----------------
শিক্ষা সেৱাৰ দৰে স্বাস্থ্য খণ্ডতো আজমল ফাউণ্ডেশ্যনৰ সেৱা অনস্বীকাৰ্য। অসমৰ হোজাই চহৰত ১৯৯৪ চনত শান্তিৰ ন'বেল বঁটা বিজয়ী প্ৰয়াত মাদাৰ টেৰেছাৰ হাতেৰে স্থাপিত HAMM Hospital & Research Centre (হাজী আব্দুল মজিদ মেমৰিয়েল হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ) এচিয়া মহাদেশৰ ভিতৰত বৃহৎ গ্ৰাম্য হস্পিটেলসমূহৰ ভিতৰত এখন অন্যতম হস্পিটেল। এইখন হস্পিটেলৰ ওপৰিও অসমৰ বদৰপুৰ, মৈৰাবাৰী আৰু গোৱালপাৰাত আছে একোখনকৈ সুসজ্জিত চিকিৎসালয়। ১৯৯৫ চনৰপৰা আজিৰ তাৰিখলৈকে কেৱল HAMM Hospitalতেই প্ৰায় ২৯ কোটি ৰোগীয়ে বিনামূলীয়া চিকিৎসাসেৱা গ্ৰহণ কৰি উপকৃত হৈছে। ইয়াৰোপৰি সময়ে সময়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত দৰিদ্ৰ-মেধাৱী বেমাৰীৰ চিকিৎসাৰ সমস্ত ব্যয়ভাৰ আজমল ফাউণ্ডেশ্যনে বহন কৰি আহিছে। এতিয়ালৈকে তেনে প্ৰায় ২০ গৰাকী ৰোগীক আৰ্থিক সহায় কৰি উপকৃত কৰিছে যদিও আজমল চাহাবে নাম প্ৰকাশ কৰি তেওঁলোকক লজ্জিত কৰাত অনিচ্ছুক। সংবাদ মাধ্যমত নাম প্ৰকাশিত হোৱা শিল্পীশিখাৰ চিকিৎসাত ইতিমধ্যে ৪০ লাখ টকা ব্যয় কৰা হৈছে বুলি আজমলৰ এটি সাক্ষাৎকাৰত প্ৰকাশ।
সম্প্ৰতি আজমল ফাউণ্ডেশ্যনৰ সেৱা দান কৰা এলেকা অসমৰ ওপৰিও বিহাৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মেঘালয়, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগলৈ সম্প্ৰসাৰিত হৈছে।
আজমল ফাউণ্ডেশ্যন আৰু মাৰ্কাজুল মা'আৰিফৰ ওপৰিও বদৰুদ্দিন আজমলৰ আছে আৰু দুখনকৈ ট্ৰাষ্ট। সেইবোৰ হ'ল--
1. Haji Abdul Majeed Memorial Trust.
2. Ajmal Skill Development Centre.
এই ট্ৰাষ্ট দুখনো অসমৰ বিভিন্ন অঞ্চলত সমাজ কল্যাণমুলক সেৱা প্ৰদান কৰি আহিছে।
 
অন্যান্য সমাজসেৱা
----------------------------
বদৰুদ্দিন আজমল এজন সমাজসেৱকৰ ওপৰিও এজন সাহিত্য প্ৰেমীও হয়। তেওঁ ২০০৪ চনৰ অসম সাহিত্য সভাৰ হোজাই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল। আজিও তেওঁ অসম সাহিত্য সভাৰ দৰে সন্মানীয় অনুষ্ঠানৰ আজীৱন সদস্য। এটি আগশাৰীৰ সংবাদ গোষ্ঠীৰ সমীক্ষাত বদৰুদ্দিন আজমল বিশ্বৰ ৫০০ গৰাকী প্ৰভাৱশালী মুছলমানৰ ভিতৰত অন্যতম। পৰাধীন ভাৰতত ১৯১৯ চনত স্থাপিত "জমিয়ত উলামা-ই-হিন্দ"ৰ অসম প্ৰদেশ কমিটিৰ বৰ্তমান তেওঁ সভাপতি। তেওঁ উত্তৰ প্ৰদেশত অৱস্থিত ভাৰতৰ প্ৰাচীনতম আৰু সৰ্ববৃহৎ ইছলামী মাদ্ৰাছা "দাৰুল উলুম দেওবন্দ"ৰ পৰিচালনা সমিতিৰ এজন সদস্য। অসমৰ সবাতোকৈ প্ৰসিদ্ধ দীনী আৰু ক্বৌমী প্ৰতিষ্ঠান "দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছা"ৰ তেওঁ দাতা সদস্য।
 
ৰাজনীতিত পদাৰ্পন
-----------------------------
বদৰুদ্দিন আজমল ৰাজনীতিত পদাৰ্পনৰ বাবে সমাজসেৱা কৰা নাছিল। বৰং তেওঁৰ সমাজসেৱাৰ বাবেহে ৰাজনীতিত সমৰ্থন লাভ কৰিছিল। ২০০৫ চনৰ আগলৈকে বদৰুদ্দিন আজমল কোনো সক্ৰিয় ৰাজনীতিত জৰিত নাছিল। তেওঁৰ সামাজিক অৱদানৰ কৃতজ্ঞতা স্বৰূপে ২০০৫ চনত প্ৰতিষ্ঠিত "অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা" (পিছলৈ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা) দলৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল। ২০০৬-০৯ চনত তেওঁ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ পৰা পোন প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ পৰৱৰ্তী ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰকৈ ধুবুৰী সমষ্টিৰপৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। সাংসদ হিচাপে তেওঁ কিমান সফল আৰু যোগ্য সেয়া ধুবুৰীৰ জনতাই প্ৰমাণ দিছে। থোৰতে তেওঁৰ ধুবুৰী-গুৱাহাটী ৰেলপথ আৰু ৰূপসী বিমানবন্দৰ নিৰ্মাণৰ অৱদানক কেতিয়াও অস্বীকাৰ কৰাৰ উপায় নাই। ভাৰতৰ এটি আগশাৰীৰ সংবাদ গোষ্ঠীৰ সমীক্ষাত তেওঁ আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ। আজমলৰ সমাজসেৱা আৰু জনপ্ৰিয়তাৰ বাবেই হয়তো তেওঁৰ পুত্ৰদ্বয় আব্দুৰ ৰহমান আজমল আৰু আব্দুৰ ৰহিম আজমল বিধানসভালৈ আৰু ভ্ৰাতৃ চিৰাজ উদ্দিন আজমল লোকসভালৈ নিৰ্বাচিত হ'ব পাৰিছিল।
ৰাজনীতিত প্ৰৱেশৰ বাবে বহুতেই তেওঁক "ব্যৱসায় সুৰক্ষাৰ বাবেহে সাংসদ নিৰ্বাচিত হয়", "তেওঁ বেপাৰীহে", "ধৰ্মীয় আলিম হৈ ৰাজনীতিত কিয় আহিব লাগে?" ইত্যাদি বুলি কটাক্ষ কৰে। তেওঁলোকে জনা উচিত যে ভাৰতৰ বহুত ব্যৱসায়ীয়ে পৃথিৱীৰ বিভিন্ন দেশত ব্যৱসায় কৰে, সেইবুলি তেওঁলোক সাংসদ নহয় আৰু তাৰ বাবে তেওঁলোকৰ ব্যৱসায় বন্ধ হোৱা নাই। উপযুক্ত কৰ প্ৰদান কৰি দেশ-বিদেশত ব্যৱসায় কৰাত বাধা নাই। থাকিলে ১৯৫১ৰপৰা ২০০৫ লৈ আজমলৰ ব্যৱসায় কিদৰে চলিছিল? মই ভাবোঁ বৈধ উপায়ে ব্যৱসায় কৰি ধন উপাৰ্জন কৰিলে তাক "বেপাৰী" বুলি বিদ্ৰূপ কৰাতকৈ ৰাজহুৱা বা চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি জীৱিকা নিৰ্বাহ কৰাসকলকহে কিবা এটা উপাধি দিয়া উচিত। একাংশ ৰাজনীতিবিদে দেশৰ জনগণৰ ৰাজহুৱা ধন লুণ্ঠন কৰি বিদেশী বেংকত জমা কৰি ৰখাৰ বিপৰীতে বদৰুদ্দিন আজমলে বিদেশৰ পৰা বৈধভাৱে ধন উপাৰ্জন কৰি আনি দেশৰ দৰিদ্ৰৰ মাজত বিলাই আছে। পাৰ্থক্য এয়াই। সহস্ৰজনে সাংসদ হোৱাৰ দৰে আজমল চাহাবো সাংসদ হৈছে, কিন্তু আজমল চাহাবৰ দৰে কিমানজন সাংসদে এনে সমাজসেৱা কৰাৰ উদাহৰণ আছে? তেওঁক অনৰ্থক সমালোচনা কৰা সকলে ৰাজনৈতিক আৰু ধৰ্মীয় চছমাটো খুলি আজমলৰ ফালে চালে তেওঁক এজন সফল সমাজসেৱক, শিক্ষাবিদ, এজন প্ৰকৃত ধাৰ্মিক আৰু সফল ৰাজনীতিবিদ বুলিহে ক'ব লাগিব।
 
AJMAL SUPER 40 AIUDF ASSAM AIUDF Batadrava Ami Aiudf Aiudf Dhing Constituency Aiudf Dhubri AIUDF Aiudf Grassroot Worker Aiudf Aiudf
<ref>{{cite web|author=|url=http://timesofindia.indiatimes.com/india/22-Indians-among-worlds-influential-Muslims/articleshow/49315830.cms |title=22 Indians among world’s influential Muslims - The Times of India |publisher=Timesofindia.indiatimes.com |date= |accessdate=2015-10-25}}</ref>