মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
===সামাজিক কৰ্ম===
ৰাণাডেৰ সামাজিক কৰ্মৰাজি পাশ্চাত্য সংস্কৃতি আৰু ঔপনিৱেশতাবাদী স্থিতিৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল৷ ধৰ্মীয় সংস্কাৰৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সংস্কাৰ সাধন কৰিব পৰাকৈ ৰাজহুৱা শিক্ষাব্যৱস্থালৈকে-সকলোতে ৰাণাডে জড়িত হৈছিল৷ তেখেতৰ নেতৃত্বত চলা ভাৰতীয় সমাজ ব্যৱস্থাৰ সংস্কাৰমুখী আন্দোলনটোৰ সাৰ অংশ আছিল "মানৱতাবাদকৰণ, সাম্যকৰণ আৰু আধ্যাত্মিকীকৰণ"৷ এইসমূহ বিশিষ্টতা ভাৰতীয় সমাজত অনুপস্থিত বুলি তেখেতে গণ্য কৰিছিল৷<ref name="Singh2015">{{cite book|author=Hulas Singh|title=Rise of Reason: Intellectual history of 19th-century Maharashtra|url=https://books.google.com/books?id=0jnbCgAAQBAJ&pg=PA303|date=25 September 2015|publisher=Routledge|isbn=978-1-317-39874-5|pages=303–}}</ref>
====প্ৰাৰ্থনা সমাজ====
{{main|প্ৰাৰ্থনা সমাজ}}
ভাৰতীয় সমাজ ব্যৱস্থাটোক আধ্যাত্মিকীকৰণ কৰাৰ আঁৰত ৰাণাডেৰ এটা বিশেষ ধাৰণা আছিল৷ তেওঁ ভাবিছিল যে, হিন্দু ধৰ্মই ৰীতি-নীতি পালন কৰা আৰু পৰিয়ালকেন্দ্ৰিক, সমাজকেন্দ্ৰিক নিয়ম পালন কৰাত অত্যধিক গুৰুত্ব প্ৰদান কৰে৷ কিন্তু ''আধ্যাত্মিকতাবাদ''য়ে বিশেষ গুৰুত্ব নাপায়৷ ব্ৰিটিছৰ সংস্কাৰ হোৱা খ্ৰীষ্টান ধৰ্মৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাণাডেয়ে সেই ধৰ্মক আধ্যাত্মিকতামুখী বুলি বিবেচনা কৰিছিল৷ হিন্দু ধৰ্মক সংস্কাৰপ্ৰাপ্ত প্ৰটেষ্টাণ্ট গীৰ্জাৰ অধিক ওচৰ চপাই নিবৰ বাবে তেখেতে [[প্ৰাৰ্থনা সমাজ]]ৰ সহ-প্ৰতিষ্ঠা কৰিছিল৷ প্ৰাৰ্থনা সমাজ আছিল এখন ধৰ্মীয় সমাজ যিখন সমাজে হিন্দুত্ববাদৰ ভক্তিবাদী স্বৰূপটো জীয়াই ৰাখি কিছুমান গুৰুত্বপূৰ্ণ হিন্দু গাঁথনি আৰু ৰীতি-নীতি নাকচ কৰিছিল৷ তাৰে ভিতৰত ব্ৰাহ্মণ ধৰ্মযাজকো আছিল৷
 
==তথ্য উৎস==