জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
34 নং শাৰী:
| website =
}}
'''জগজিৎ সিং''' [[ভাৰত]]ৰ এজন সুপ্ৰসিদ্ধ [[গজল]] গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ [[পদ্মভূষণ]] সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ[[হিন্দী]]ৰ উপৰি [[উৰ্দু]], [[পাঞ্জাবী]], [[গুজৰাটী]] আৰু [[নেপালী]] ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল৷ তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল৷<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১</ref>
 
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত [[ৰাজস্থান]]ৰ শ্ৰীগংগা নগৰত৷ তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ৷ শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল৷<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে [[কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়]]ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়৷<ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
 
==সংগীত জীৱন==
"https://as.wikipedia.org/wiki/জগজিৎ_সিং"ৰ পৰা অনা হৈছে