দয়ানন্দ সৰস্বতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
'''দয়ানন্দ সৰস্বতী''' ({{lang-en|Dayananda Saraswati}}; ১২ ফেব্ৰুৱাৰী ১৮২৪ – ৩০ অক্টোবৰ ১৮৮৩) আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন [[আৰ্য সমাজ]]ৰ প্ৰতিষ্ঠাতা। ১৮৭৬ চনত লোকমান্য [[বাল গঙ্গাধৰ তিলক]]ৰ নেতৃত্বত হোৱা "ভাৰতীয়ৰ বাবে ভাৰত" শীৰ্ষক আহ্বান জনোৱা তেখেত আছিল প্ৰথম ভাৰতীয়।<ref name=":0">Aurobindo Ghosh, ''Bankim Tilak Dayanand'' (Calcutta 1947, p. 1) "Lokmanya Tilak also said that Swami Dayanand was the first who proclaimed Swaraj for Bharatpita i.e. India."</ref><ref>Dayanand Saraswati ''Commentary on Yajurved'' (Lazarus Press Banaras 1876)</ref> মূৰ্তিপূজা আৰু পৰম্পৰাগত ৰীতি-নীতি পৰিহাৰ কৰি দয়ানন্দ সৰস্বতীয়ে বৈদিক বিচাৰধাৰা পুনৰুত্থান কৰিবলৈ প্ৰয়াস কৰিছিল। ভাৰতৰ দাৰ্শনিক, ৰাষ্ট্ৰপতি [[সৰ্বপল্লী ৰাধাকৃষ্ণণ|সৰ্বপল্লী ৰাধাকৃষ্ণণে]] শ্ৰী অৰবিন্দৰ দৰে তেখেতকো "ভাৰতৰ এগৰাকী নিৰ্মাতা" আখ্যা দিছিল।<ref>{{cite book |title=Living with a Purpose|year=2005 |first= S. |last = Radhakrishnan|publisher=Orient Paperbacks|isbn=978-81-222-0031-7 |page= 34|url=https://books.google.com/books?id=8_DrAZbdlTAC&pg=PA34 }}</ref><ref>{{cite book |title=Essays on modern Indian Abuse |last= Kumar|first=Raj |year=2003|publisher=Discovery Publishing House|isbn=978-81-7141-690-5|page= 62|chapter =5. Swami Dayananda Saraswati: Life and Works|chapter-url=https://books.google.com/books?id=5L_2-w13fMMC&pg=PA62}}</ref><ref>{{cite book |title=Hindu iconoclasts: Rammohun Roy, Dayananda Sarasvati and nineteenth-century polemics against idolatry|last=Salmond |first=Noel Anthony|year=2004|publisher=Wilfrid Laurier Univ. Press|isbn=978-0-88920-419-5 |page= 65|chapter=3. Dayananda Saraswati|chapter-url=https://books.google.com/books?id=wxjArixq5hcC }}</ref>
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৮২৪ চনৰ ১২ ফেব্ৰুৱাৰীত দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল এটা হিন্দু পৰিয়ালত৷ <ref>{{cite book|author=Robin Rinehart|title=Contemporary Hinduism: Ritual, Culture, and Practice|url=https://books.google.com/books?id=hMPYnfS_R90C&pg=PA58|year=2004|publisher=ABC-CLIO|isbn=978-1-57607-905-8|pages=58–}}</ref> জন্মস্থান আছিল [[গুজৰাট]] ৰাজ্যৰ কাথিৱাড় প্ৰদেশৰ জিৱাপুৰ (টাংকাৰা)ত৷<ref>{{cite web|url=http://www.mid-day.com/articles/devdutt-pattanaik-dayanand--vivekanand/17911158|title=Devdutt Pattanaik: Dayanand & Vivekanand|date=15 January 2017}}</ref><ref>[https://gu.wikisource.org/wiki/%E0%AA%AA%E0%AB%83%E0%AA%B7%E0%AB%8D%E0%AA%A0:Jhanda_Dhari_Maharshi_Dayanand.pdf/%E0%AB%A7%E0%AB%AC ઝંડાધારી – મહર્ષિ દયાનંદ – Gujarati Wikisource]</ref> তেখেতৰ প্ৰকৃত নাম আছিল মূল শংকৰ তিৱাৰী৷ কাৰণ তেখেতৰ জন্ম হৈছিল ধনু ৰাশি আৰু মূল নক্ষত্ৰত৷ দয়ানন্দ সৰস্বতীৰ পিতৃ কাৰষানজী লালকজী কাপাড়ী আৰু মাতৃ যশোদাবাই৷
 
আঠ বছৰ বয়সত দয়ানন্দ সৰস্বতীৰ উপনয়ন সম্পন্ন হয়৷ এনেকৈয়ে তেখেতক আনুষ্ঠানিক শিক্ষালৈ বাট মোকলাই দিয়া হয়৷ তেখেতৰ পিতৃ আছিল [[শিৱ]]ৰ অনুগামী৷ সেইবাবে তেখেতে দয়ানন্দ সৰস্বতীক শিৱক সন্তুষ্ট কৰাৰ পথসমূহ দেখুৱাই দিছিল৷ ইয়াৰ লগতে তেখেতক উপবাস ৰাখিবলৈও শিকোৱা হৈছিল৷ শিৱৰাত্ৰিৰ গোটেই নিশা দয়ানন্দ উজাগৰে থাকি শিৱৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল৷ এবাৰ এটা উপবাসৰ মুহূৰ্তত দয়ানন্দই নিগনি এটাক শিৱৰ মূৰ্তিটোৰ ওপৰেৰে দৌৰি যোৱা দেখিছিল৷ ঘটনাটো দেখি দয়ানন্দই প্ৰশ্ন কৰিলে যে- এটা নিগনিৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰা শিৱ কিদৰে জগতৰ ত্ৰাণকৰ্তা হ'ব পাৰে৷ <ref>{{Cite web|url=http://indiansaga.com/history/congress_arya.html|title=History of India|website=indiansaga.com|access-date=5 October 2018}}</ref>
 
নিজৰ কনিষ্ঠ ভগ্নী আৰু খুড়ায়েক [[কলেৰা]] ৰোগত মৃত্যু হোৱা দেখি দয়ানন্দৰ মনলৈ জীৱন আৰু মৃত্যু সম্পৰ্কীয় চিন্তা কিছুমান আহিল৷ তেওঁ সোধা প্ৰশ্নবোৰে পিতৃ-মাতৃক দুশ্চিন্তাত পেলালে৷ কৈশোৰকালৰ আৰম্ভণিৰ সময়ছোৱাতে দয়ানন্দ সৰস্বতীয়ে বৈবাহিক-বান্ধোনত নুসুমুৱাৰ সিদ্ধান্ত ল'লে আৰু ১৮৪৬ চনত ঘৰৰ পৰা পলায়ন কৰিলে৷<ref name="iloveindia">{{cite web|url=http://www.iloveindia.com/spirituality/gurus/dayanand-saraswati.html|title=Dayanand Saraswati|work=iloveindia.com|access-date=14 January 2016}}</ref><ref name="culturalindia">{{cite web|url=http://www.culturalindia.net/reformers/swami-dayanand-saraswati.html|title=Swami Dayanand Saraswati|work=culturalindia.net|access-date=14 January 2016}}</ref>
 
১৮৪৫ চনৰ পৰা ১৮৬৯ চনলৈকে প্ৰায় পঁচিশটা বছৰ দয়ানন্দ সৰস্বতীয়ে ভ্ৰমণকাৰী তপস্বীৰ জীৱন কটালে আৰু ধৰ্মীয় সত্যৰ অনুসন্ধান কৰিলে৷ তেখেতে বস্তুবাদী জীৱন সম্পূৰ্ণভাৱে ত্যাগ কৰিলে আৰু আত্মত্যাগৰ ভাৱনাৰে জীৱন অতিবাহিত কৰিলে৷ হিমালয়ৰ পৰ্বতমালাকে ধৰি অৰণ্য আৰু উত্তৰ ভাৰতৰ অনেক তীৰ্থস্থল পৰিভ্ৰমণ কৰিলে৷ এইছোৱা সময়ত দয়ানন্দ সৰস্বতীয়ে যোগৰ বিভিন্ন প্ৰকাৰ অনুশীলন কৰিলে আৰু বীৰজানন্দ দান্দিসা নামৰ ধৰ্মগুৰু এজনৰ শিষ্যত্ব গ্ৰহণ কৰিলে৷ বীৰজানন্দই বিশ্বাস কৰিছিল যে হিন্দুত্ববাদ ইয়াৰ ঐতিহাসিক মূলটোৰ পৰা আঁতৰি আহিছে আৰু ইয়াৰ অনেক আচাৰ কলুষিত হৈ পৰিছে৷ [[বেদ]]ক হিন্দু ধৰ্মৰ সঠিক স্থানত প্ৰতিষ্ঠা কৰিবলৈ দয়ানন্দ সৰস্বতীয়ে সমগ্ৰ জীৱন উচৰ্গা কৰিব বুলি গুৰুৰ ওচৰত প্ৰতিজ্ঞা কৰিলে৷ <ref>{{cite web|title=Sarasvati, Dayananda – World Religions Reference Library|url=http://www.highbeam.com/doc/1G2-3448400050.html|archive-url=https://web.archive.org/web/20140610083329/http://www.highbeam.com/doc/1G2-3448400050.html|url-status=dead|archive-date=10 June 2014|publisher= World Religions Reference Library {{Subscription required|via=[[HighBeam Research]]}}|access-date=5 September 2012|date=1 January 2007}}</ref>
 
==কৰ্মৰাজি==