ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্তেম্বৰ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
1 নং শাৰী:
২০০২ চনতেই জন্ম লাভ কৰা অসমীয়া ৱিকিপিডিয়াই চলিত বৰ্ষৰ ২ জুন তাৰিখে ওঠৰটা বৰ্ষ পূৰ্ণ কৰিলে। এই ওঠৰতা বছৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰা সমূহ ৱিকিপিডিয়ানলৈ মই এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ নিঃস্বাৰ্থ অৱদান অবিহনে অসমীয়া ৱিকিপিডিয়াই হয়তো আজিৰ পৰ্যায় নাপালেহেঁতেন!
 
ৱিকিপিডিয়াৰ লগত মই জড়িত হওঁ ২০১৬ চনত। আৰু তেতিয়াৰ পৰাই সাধ্যানুসাৰে ৱিকিপিডিয়াত দুই-এটা সৰু-সুৰা অৱদান আগবঢ়াই আহিছোঁ। মই লিখা-মেলা কৰাত পাকৈত নহয় যদিও আপোন ভাষাটোৰ বাবে কিবা অলপ বৰঙনি আগবঢ়োৱাৰ হেঁপাহতেই ৱিকিত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমাৱস্থাত ৱিকিত সম্পাদনা কৰা, প্ৰবন্ধ লিখা আদিৰ ক্ষেত্ৰত মোক [[সদস্য:অজয় দাস|অজয়]] দা আৰু বৰ্তমানৰ প্ৰসাশকদ্বয়প্ৰশাসকদ্বয় [[সদস্য:দিব্য দত্ত|দিব্য]] দা আৰু [[সদস্য:Gitartha.bordoloi|গীতাৰ্থ]] দায়ে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ।
 
প্ৰায় সকলো ৱিকিমিডিয়ানে সন্মুখীন হোৱা এটা প্ৰশ্ন হৈছে ৱিকিত কাম কৰিলে কি লাভ? ৱিকিত অৱদান আগবঢ়ালে কি লাভ হয় সেইয়া কামটো কৰোঁতাজনেহে উপলব্ধি কৰিব পাৰে। ৱিকিত অৱদান আগবঢ়ালে আৰ্থিক লাভালাভ নহ’ব পাৰে, কিন্তু তাত কোনো এটা প্ৰবন্ধ সৃষ্টি কৰা, ভুল কিছুমান শুদ্ধ কৰা, কোনো প্ৰবন্ধত নতুন তথ্য, তথ্যসূত্ৰ যোগ দিয়া ইত্যাদি কামত যি মানসিক তৃপ্তি লাভ কৰা যায় সেইয়া আৰ্থিক মূল্যতকৈও বহুগুণে বেছি। ইয়াৰোপৰি ৱিকিত কাম কৰিলে জ্ঞানৰ পৰিসৰ যথেষ্ট বৃদ্ধি হয়। ছাত্ৰ-ছাত্ৰী তথা কুইজপ্ৰেমীসকলৰ বাবে ৱিকিপিডিয়াক ব্ৰহ্মাস্ত্ৰ বুলি ক’ব খোজোঁ। তেওঁলোকে পঢ়া-শুনাৰ মাজে মাজে যদি ৱিকিত অলপকৈ হ’লেও অৱদান আগবঢ়ায়, তেওঁলোকৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰো বহুখিনি উপকাৰ সাধন হ’ব। ৱিকিপিডিয়াৰ বিষয়ে ইণ্টাৰনেটৰ লগত জড়িত প্ৰায় সকলো লোকেই কম-বেছি পৰিমাণে জ্ঞাত যদিও ইয়াত কেনেকৈ অৱদান আগবঢ়াব পাৰি সেই বিষয়ে বহুতৰে কোনো ধাৰণা নাই বাবেই অসমীয়া ৱিকিপিডিয়া আজিও আন ভাৰতীয় ৱিকিৰ তুলনাত পিছ পৰি আছে। অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৰ্মশালাৰ পৰা কিছু আশাৰ ৰেঙণি দেখা গৈছে। বহুতো লোকে ৱিকিত কাম কৰিবলৈ আগবাঢ়ি আহিছে। অসম সাহিত্য সভায়ো এইক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। এইয়া সঁচাকৈ এক ভাল লক্ষণ। উল্লেখযোগ্য যে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউৎসতো বৰ্তমান গতি আগৰ তুলনাত ক্ষিপ্ৰতৰ হৈছে। আশা কৰোঁ নৱাগত ৱিকিপিডিয়ানসকলে একেই উৎসাহেৰে ৱিকিউৎসতো অৱদান আগবঢ়াই ইয়াক সমৃদ্ধ কৰিবলৈ হাত উজান দিব।