গায়ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''গায়ত্ৰী''' ([[সংস্কৃত ভাষা|সংস্কৃত]]: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়। স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী। আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মুৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।
 
==বিকাশ==
গায়ত্ৰী শব্দটো প্ৰথম ২৪টা শব্দাংশৰে গঠিত ঋগ বেদৰ এটা শ্লোকত প্ৰয়োগ কৰা হৈছিল। গায়ত্ৰী শব্দই বিশেষকৈ, গায়ত্ৰী মন্ত্ৰ আৰু সেই মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ গায়ত্ৰী দেৱীক বুজায়। পণ্ডিতসকলে গায়ত্ৰীক বৈদিক সৌৰ দেৱতা সাবিত্ৰী আৰু সাবিত্ৰৰ সমাৰ্থক হিচাপে গায়ত্ৰাৰ স্ত্ৰীলিংগ বুলি বৰ্ণনা কৰিছে। অৱশ্যে, এই গায়ত্ৰী মন্ত্ৰ কেতিয়া ব্যক্তিৰূপলৈ ৰূপান্তৰ হৈছিল সেয়া এতিয়াও জ্ঞাত নহয়।
 
==উৎসৱ==
Line 6 ⟶ 9:
 
===নৱৰাত্ৰি===
নৱৰাত্ৰিৰ সময়ত গায়ত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰিত মা আদিশক্তিৰ সকলোবোৰ ৰূপৰ পূজা কৰা হয়। যিহেতু গায়ত্ৰীক মা আদিশক্তিৰে এটা ৰূপ বুলি গণ্য কৰা হয়, সেয়ে নৱৰাত্ৰীত গায়ত্ৰীৰো পূজা কৰা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/গায়ত্ৰী"ৰ পৰা অনা হৈছে