জগদ্ধাত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
14 নং শাৰী:
}}
 
'''জগদ্ধাত্ৰী''' বা '''জগতধাত্ৰী''' বা '''জগধত্ৰী''' ({{lang-en|Jagadhatri}}) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী [[পাৰ্বতী]]ৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ [[পশ্চিম বংগ]] আৰু [[উৰিষ্যা]]ত বেছি। দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়। তেখেতৰ উপাসনা আৰু ইয়াৰ ৰীতি-নীতি সমূহ পোনপটীয়াকৈ তন্ত্ৰ শাস্ত্ৰৰ পৰা আহৰণ কৰা হৈছে য'ত তেওঁ সত্ত্বৰ প্ৰতীক বিপৰীতে [[দুৰ্গা]] আৰু [[কালী]] ৰজো আৰু তমো গুণৰ প্ৰতীক। পুৰাণৰ মতে জগদ্ধাত্ৰী হৈছে সিদ্ধিধাত্ৰীৰ অৱতাৰ।
==আখ্যান==
দেৱী [[দুৰ্গা]]ক সৃষ্টি কৰাৰ পিছত [[ইন্দ্ৰ]], [[বৰুণ]], বায়ু (দেৱতা)|বায়ু]] আৰু অন্যান্য সকলো দেৱতাই নিজকে অতি শক্তিশালী বুলি ভাবিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোক সৰ্বশক্তিমান আৰু তেওঁলোকে নিজৰ শক্তিৰে যিকোনো কাম কৰিব পাৰে। তেওঁলোকে পাহৰি যায় তেওঁলোকৰ প্ৰকৃত শক্তি কোন। গতিকে আদি শক্তি মা [[পাৰ্বতী]]য়ে তেওঁলোকৰ পৰীক্ষা লয়। তেওঁ মায়াৰূপে তেওঁলোকৰ সন্মুখলৈ আহি এডাল ঘাঁহৰ সৃষ্টি কৰে। দেৱতাসকলক আহ্বান কৰি দেৱীয়ে ক'লে, "হে শক্তিশালী দেৱগণ, অনুগ্ৰহ কৰি এই ঘাঁহডাল উভালি পেলাওক।" এই কথাত তেওঁলোকে হাঁ‌হে আৰু ইন্দ্ৰই বায়ুক সেই ঘাঁহটো বাহিৰলৈ উলিয়াবলৈ পঠিয়ায়। বায়ুৱে বাৰে বাৰে চেষ্টা কৰিও এই কাৰ্যত বিফল হয়। ইয়াৰ পিছত প্ৰত্যেক দেৱতাই একোবাৰকৈ চেষ্টা কৰে যদিও প্ৰত্যেকেই বিফল হয়। তেতিয়া দেৱী পাৰ্বতী দেৱতাসকলৰ আগত প্ৰকট হয় আৰু তেওঁলোকক কয় যে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো শক্তি তেওঁৰ। দেৱী গোটেই পৃথিৱীৰ শক্তি। তেতিয়া সকলো দেৱতাই তেওঁলোকৰ দোষ উপলব্ধি কৰে। সিংহৰ ওপৰত আৰোহণ কৰি দেৱী দেৱতাসকলৰ সন্মুখলৈ আহিছিল আৰু তেওঁলোকৰ অহংকাৰে এটা হাতীৰ ৰূপ লৈছিল। সেয়ে দেৱী জগদ্ধাত্ৰীক সিংহৰ ওপৰত আৰোহিত অৱস্থাত আৰু তেওঁৰ তলত হাতীৰ অৱস্থিতি দেখা যায়।
==জগদ্ধাত্ৰী পূজা==
জগদ্ধাত্ৰী পূজা প্ৰথমে বংগৰ নদিয়াৰ কৃষ্ণনগৰৰ ৰাজা কৃষ্ণচন্দ্ৰই আৰম্ভ কৰিছিল। কৃষ্ণনগৰ, তেহট্টা, ৰিশ্ৰা, চন্দননগৰ, ভদ্ৰেশ্বৰ, হুগলী, বোইঞ্চি, অশোকনগৰ-কল্যাণগড়ত জগদ্ধাত্ৰী পূজা অতিশয় জনপ্ৰিয়। নদিয়াৰ কৃষ্ণনগৰৰ ৰাজ ৰাজেশ্বৰী জগদ্ধাত্ৰী পূজা হৈছে বংগৰ আটাইতকৈ পুৰণি জগদ্ধাত্ৰী পূজা। জনশ্ৰুতি অনুসৰি এবাৰ বংগত নৱাবসকলৰ শাসনকালত মহাৰাজ কৃষ্ণচন্দ্ৰক নৱাব চিৰাজ-উদ-দৌল্লাই সময়মতে কৰ পৰিশোধ নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। [[বিজয়া দশমী]]ৰ দিনত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল যাৰ বাবে তেওঁৰ ৰাজ্যত সেইবাৰৰ দুৰ্গা পূজাৰ গোটেই উৎসৱটো বিনষ্ট হৈছিল। সেয়েহে পৰিৱেশটো পুনৰ আনন্দমুখৰ কৰিবতুলিবলৈ মহাৰাজে এই জগদ্ধাত্ৰী পূজাৰ ৰীতি-নীতি আৰম্ভ কৰিছিল।