জগদ্ধাত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
==জগদ্ধাত্ৰী পূজা==
জগদ্ধাত্ৰী পূজা প্ৰথমে বংগৰ নদিয়াৰ কৃষ্ণনগৰৰ ৰাজা কৃষ্ণচন্দ্ৰই আৰম্ভ কৰিছিল। কৃষ্ণনগৰ, তেহট্টা, ৰিশ্ৰা, চন্দননগৰ, ভদ্ৰেশ্বৰ, হুগলী, বোইঞ্চি, অশোকনগৰ-কল্যাণগড়ত জগদ্ধাত্ৰী পূজা অতিশয় জনপ্ৰিয়। নদিয়াৰ কৃষ্ণনগৰৰ ৰাজ ৰাজেশ্বৰী জগদ্ধাত্ৰী পূজা হৈছে বংগৰ আটাইতকৈ পুৰণি জগদ্ধাত্ৰী পূজা। জনশ্ৰুতি অনুসৰি এবাৰ বংগত নৱাবসকলৰ শাসনকালত মহাৰাজ কৃষ্ণচন্দ্ৰক নৱাব চিৰাজ-উদ-দৌল্লাই সময়মতে কৰ পৰিশোধ নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। [[বিজয়া দশমী]]ৰ দিনত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল যাৰ বাবে তেওঁৰ ৰাজ্যত সেইবাৰৰ দুৰ্গা পূজাৰ গোটেই উৎসৱটো বিনষ্ট হৈছিল। সেয়েহে পৰিৱেশটো পুনৰ আনন্দমুখৰ কৰিবতুলিবলৈ মহাৰাজে এই জগদ্ধাত্ৰী পূজাৰ ৰীতি-নীতি আৰম্ভ কৰিছিল। <ref name="পৌৰাণিকা : বিশ্বকোষ হিন্দুধৰ্ম">{{cite book | title=পৌৰাণিকা : বিশ্বকোষ হিন্দুধৰ্ম | publisher=ফাৰ্মা কেএলএম প্ৰাঃ লিঃ | author=অমলকুমাৰ বন্দ্যোপাধ্যায় | pages=৫৬২}}</ref>
এই সন্দৰ্ভত পালপাৰাৰ বসু পৰিয়ালৰ জগদ্ধাত্ৰী পূজা বিশেষভাৱে উল্লেখযোগ্য। পৰিয়ালটোৰ এই পূজাভাগ প্ৰথমতে মুৰ্শিদাবাদত তেওঁলোকৰ পৈতৃক গৃহত অনুষ্ঠিত হৈছিল। লোককথা অনুসৰি এই পূজা ১৭৮৮ চনত আৰম্ভ হৈছিল। পূজাভাগ পিছত চন্দননগৰৰ ইয়াৰ বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। এই দেৱীৰ সঠিক ইতিহাস অজ্ঞাত যদিও পাৰিবাৰিক তথ্যসমূহে ইয়াক ১৬৪০ চনৰ বুলি সূচায়।<ref>{{cite news|title=Overflowing with Ecstasy |url=https://www.thestatesman.com/features/overflowing-with-ecstasy-1502517398.html|access-date=23 November 2017|work=The Stattesman}}</ref>
 
=== ধ্যানমন্ত্ৰ ===
জগদ্ধাত্ৰীৰ ধ্যানমন্ত্ৰত দেবীৰ তলত দিয়া ধৰণে ৰূপকল্পনা কৰা হৈছে-
40 নং শাৰী:
বিচিন্তয়েৎ জগতাম্ ধাত্ৰীম্ ধৰ্মকামাৰ্থ মোক্ষদাম্॥
</poem>
 
==তথ্যসূত্ৰ==