ৰাধা কৃষ্ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
"Radha Krishna" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে টেগ্: Disambiguation links সমল অনুবাদ সমল অনুবাদ ২ |
(কোনো পাৰ্থক্য নাই)
|
07:12, 15 September 2021ৰ সংস্কৰণ
ৰাধা-কৃষ্ণ (IAST rādhā-kṛṣṇa, সংস্কৃত: राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়।[1] বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।[2]
ৰাধা কৃষ্ণ | |
---|---|
ৰাধা আৰু কৃষ্ণৰ চিত্ৰশিল্প | |
অন্য নাম | মাধৱী মাধৱ, কেশৱী কেশৱ, শ্যামা শ্যাম, কিশোৰী কিশোৰ, গোপীকা গোপীনাথ |
দেৱনাগৰী | राधाकृष्ण |
সংস্কৃত লিপ্যন্তৰ | rādhā-kṛṣṇa |
সম্পৰ্ক | বৈষ্ণৱবাদ, কৃষ্ণবাদ, অৰ্ধনাৰীশ্বৰ, লক্ষ্মী নাৰায়ণ |
নিবাস | গকুল, বৃন্দাবন, বৈকুণ্ঠ |
মন্ত্ৰ |
|
হিন্দু পাঠ্য | ব্ৰহ্মবৈৱৰ্ত পুৰাণ, গীত গোবিন্দ, পদ্ম পুৰাণ, শিৱ পুৰাণ, Gopala Tapani Upanishad, ব্ৰহ্ম সংহিতা, গৰ্গ সংহিতা, স্কন্দ পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ |
উৎসৱ | ফাকুৱা, Lathmar Holi, শাৰদ পূৰ্ণিমা, কাৰ্তীক পূৰ্ণিমা, জন্মাষ্টমী, ৰাধাষ্টমী, গোপাষ্টমী |
বৈষ্ণৱবাদৰ কৃষ্ণবাদ পৰম্পৰাত কৃষ্ণক স্বয়ম ভগৱান আৰু ৰাধাক ভগৱানৰ তিনিবিধ প্ৰধান ক্ষমতাৰ আদি শক্তি বুলি কোৱা হৈছে। এই তিনিবিধ ক্ষমতা- হ্লাদিনী (আধ্যাত্মিক পৰম সুখ), সন্ধিনী (অনশ্বৰতা) আৰু সম্বিত (অস্তিত্বশীল চেতনা)ৰ ভিতৰত ৰাধাক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি স্নেহৰ মূৰ্ত ৰূপ বুলি কোৱা হয় (হ্লাদিনী)।
কৃষ্ণৰ লগতে ৰাধাক পৰম দেৱী বুলি স্বীকাৰ কৰা হয়। কোৱা হয় যে স্নেহ মিশ্ৰিত ভক্তিৰেহে কৃষ্ণ সন্তুষ্ট হয় আৰু এই ভক্তিৰেই সাকাৰ ৰূপ ৰাধা। বহু ভক্তই কৃষ্ণক পাবৰ বাবে ৰাধাক পূজা কৰে। কৃষ্ণই আনন্দ লভিবৰ বাবে দুভাগ হৈ এভাগে ৰাধাৰ ৰূপ পোৱা বুলিও কিছু পাঠ্যই কয়। হিন্দু গ্ৰন্থসমূহৰ মতে ৰাধা মহালক্ষ্মীৰ পূৰ্ণ অৱতাৰ।
ভক্তসমলে বিশ্বাস কৰে যে কৃষ্ণই সমগ্ৰ বিশ্বক সন্মোহিত কৰে, কিন্তু ৰাধাই তেওঁকো সন্মোহিত কৰে। গতিকে তেওঁ পৰম সেৱী আৰু একেলগে তেওঁলোকক ৰাধা-কৃষ্ণ বোলে।
- ↑ Bryant, Edwin Francis (2007) (en ভাষাত). Krishna: A Sourcebook. Oxford University Press. ISBN 978-0-19-803400-1. https://books.google.co.in/books?id=0z02cZe8PU8C&printsec=copyright#v=onepage&q&f=false.
- ↑ Kar, Nishamani (2001). "Sriradha: A Study". Indian Literature খণ্ড 45 (2 (202)): 184–192. ISSN 0019-5804. https://www.jstor.org/stable/23344745.