লঙ্কিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|হনুমান আৰু লংকিনীৰ মাজত সংঘৰ্ষ। '''লঙ্কিনী''' প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী শক্তিশালী ৰাক্ষসী আছিল। তেওঁৰ নামৰ আক্ষৰিক...
 
6 নং শাৰী:
 
==হনুমানৰ সৈতে মুখামুখি==
ৰামায়ণতৰামায়ণৰ বৰ্ণনা অনুসৰি বনবাসৰ সময়ত স্বামীৰ অনুপস্থিতিত লংকাৰ ৰজা ৰাৱণৰ হাতত সীতাৰ হৰণ হয়। সীতাক বিচাৰি বনত ঘূৰি ফুৰা অৱস্থাত ৰাম লক্ষ্মণে হনুমান আৰু সুগ্ৰীৱৰে মিত্ৰতা কৰি সীতাৰ সন্ধানত হনুমানক লংকালৈ পঠিয়াই, কাৰণ সেতু অবিহনে সমুদ্ৰৰ সিপাৰৰ লংকালৈ যোৱাৰ ক্ষমতা কেৱল হনুমানৰহে আছিল। হনুমানে [[সীতা]]ক বিচাৰি [[লংকা]]ত প্ৰৱেশ কৰাৰ সময়ত লংকতাৰ দুৱাৰমুখত লঙ্কিনীৰ সৈতে মুখামুখি হৈছিল। যেতিয়া লঙ্কিনীয়ে তেওঁৰ পৰিচয় আৰু ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে সুধিছিল, হনুমানে তেওঁৰ লক্ষ্য সম্পৰ্কে কোনো কথা প্ৰকাশ কৰিব নিবিচাৰিছিল আৰু চতুৰতাৰে উত্তৰ দিছিল যে তেওঁ লংকাৰ বিখ্যাত চহৰ আৰু ইয়াৰ সৌন্দৰ্য চাবলৈ আকাংক্ষা কৰি অৰণ্যৰ পৰা আহিছে। এই কথাত লঙ্কিনীয়ে [[হনুমান]]ক এজন অনুপ্ৰৱেশকাৰী বুলি মানি লৈ আক্ৰমণ কৰে। এগৰাকী মহিলা বুলি জানি হনুমানে লংকিনীৰ সৈতে যুঁজঁ দিব নিবিচাৰে আৰু লাহেকৈ তেওঁৰ পিঠিত আঘাত কৰে যাতে তাই পৰি যায় আৰু ৰক্তক্ষৰণ হয়। এই আঘাততত হতভম্ব আৰু বিভ্ৰান্ত লঙ্কিনীয়ে লগে লগে অনুভৱ কৰে যে তাইৰ প্ৰতিদ্বন্দ্বী কেৱল এটা সাধাৰণ বান্দৰ নহয় আৰু ব্ৰহ্মাৰ ভৱিষ্যতবাণী সঁচা হৈছে বুলি উপলব্ধি কৰি ক্ষমা বিচাৰে। হনুমানে তেওঁক ক্ষমা কৰে। যেতিয়া তেওঁ লঙ্কিনীক এৰি লংকালৈ অন্বেষণ অব্যাহত ৰাখিবলৈ প্ৰস্তুত হয় সেই সময়তে লংকিনী তেওঁৰ অভিশাপৰ পৰা মুক্ত হৈ পৰে।<ref name="amazon">{{cite book|title=Ramayan: India's Classic Story of Divine Love: P. R. Mitchell: 9780595507634: Amazon.com: Books|date=February 2009|isbn=978-0595507634}}</ref>
<ref>{{Cite book|isbn=978-0143065289|title=The Book of Ram|last1=Pattanaik|first1=Devdutt|year=2015}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/লঙ্কিনী"ৰ পৰা অনা হৈছে