ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাটোক "sosyal medya uygulaması olan [https://burnmedya.com/tiktok-takipci-satin-al/ tiktok takipçi satın al] konusunda bizden hizmet alabilirsiniz."ৰে সলনি কৰা হ'ল
টেগ্‌: Replaced উলটিওৱা হৈছে
1 নং শাৰী:
sosyal medya uygulaması olan [https://burnmedya.com/tiktok-takipci-satin-al/ tiktok takipçi satın al] konusunda bizden hizmet alabilirsiniz.
[[File:R federer.jpg|right|150px]]
'''ৰ'জাৰ ফেডেৰাৰ''' [[ছুইজাৰলেণ্ড]]ৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেল্‌ছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান অষ্টম। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে [[ৰাফেল নাডাল]]ৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫ বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে। সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ্‌ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়।
<br />([[ৰ'জাৰ ফেডেৰাৰ|'''ইয়াত বিতংকৈ পঢ়ক''']]…)