অৰুণোদয় আঁচনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''অৰুণোদয় আঁচনি''' ({{lang-en|Orunodoi Scheme}}) হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন নতুন আঁচনি। <ref name="অসম-চৰকাৰৰ-ৱেবছাইট">{{cite web | url=https://assam.gov.in/as/scheme-page/154 | title=অসম অৰুণোদয় আঁচনি | publisher=অসম চৰকাৰ | accessdate=September 24, 2021}}</ref> অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ বাবে আৰু চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে অসম চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে, আৰু এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে ঘোষিত হৈছে। <ref name="নিয়মীয়া বাৰ্তা">{{cite web | url=https://niyomiyabarta.com/assam/assam-budget-finance-minister-ajanta-neog/ | title=বাজেট ২০২১-২২: অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি | publisher=নিয়মীয়া বাৰ্তা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড | date=১৬ জুলাই, ২০২১ | accessdate=September 24, 2021}}</ref> আচঁনিখনৰ উন্মোচনৰ সময়ত চৰকাৰীভাৱে প্ৰচাৰিত ঘোষণাপত্ৰৰ জৰিয়তে কোৱা হৈছিল যে, এই আঁচনিখনৰ জৰিয়তে ৰাজ্যত বাস কৰা প্ৰায় ১৭ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ পদ্ধতিৰ মাধ্যমেৰে প্ৰতি মাহে ৮৩০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰা হ'ব। ২০২০ চনৰ অক্টোবৰ মাহৰ আৰম্ভনিৰ পৰা প্ৰতি মাহৰ প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰি আহিছে। উল্লেখনীয় যে, চৰকাৰৰ ঘোষিত নীতি অনুসৰি পৰিয়ালৰ মুখ্য তত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয়। <ref name="অসম চৰকাৰৰ ঘোষণাপ">{{cite web | url=https://assam.gov.in/sites/default/files/2020-11/Orunodoi%20Scheme.pdf | title=অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা জাৰিকৃত অৰুণোদয় আঁচনিৰ জাননী | publisher=অসম চৰকাৰৰ বিত্ত বিভাগ | date=১৪ আগষ্ট, ২০২০ | accessdate=September 24, 2021}}</ref>
 
 
 
অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনী ক্ৰয় কৰিবলৈ মাহিলি বিত্তীয় অনুদান প্ৰদান কৰিব, য'ত প্ৰতি মাহে ৪০০ টকাকৈ প্ৰত্যেক পৰিয়াল তথা হিতাধিকাৰীক তেওঁলোকৰ স্বাস্থ্যকেন্দ্ৰীক যত্ন ল'বলৈ ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক ২০০ টকাকৈ প্ৰদান কৰা হ'ব। মাহেকত ৪ কিলোগ্ৰাম দাইলৰ বাবদ ৫০% অনুদানৰ বাবে মাহেকৰ ৰাজসাহায্য আৰু একোটা পৰিয়ালক প্ৰতিমাহে ৮০ টকাৰ সহায়তা প্ৰদান কৰে, ফলস্বৰূপে ৪ কিলোগ্ৰাম চেনীত প্ৰতি মাহে হ'বলগীয়া ব্যয়ৰ ৫০% কাৰ্যকৰীভাবে ৰাজসাহায্য প্ৰদান কৰিব। তাৰোপৰি হিতাধিকাৰীৰ ঘৰুৱা ফাৰ্মত যিমান পৰিমাণৰ খেতি হয়, তাৰ বাদেও প্ৰতি মাহে আছুতীয়াকৈ ১৫০ টকা ব্যয় সাপেক্ষে প্ৰয়োজনীয় ফল-মূলৰ লগতে শাক-পাচলি ক্ৰয় কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰা হ'ব। তথা পুষ্টি সম্বন্ধীয় সহায়তাৰ বাবে একোটা পৰিয়ালক প্ৰতি মাহে ৮৩০ টকা বিত্তীয় অনুদান প্ৰদান কৰিব।
 
 
==আঁচনিৰ বিৱৰণ==
২০২০ চনৰ ১ ডিচেম্বৰ তাৰিখে কামৰূপ (গ্ৰাম্য) জিলাৰ আমিনগাঁৱ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক চৰকাৰী কাৰ্য্যসূচীত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী [[সৰ্বানন্দ সোণোৱাল]] আৰু বিত্তমন্ত্ৰী [[হিমন্ত বিশ্ব শৰ্মা]]ই অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰে। <ref name="নিউজ লাই">{{cite web | url=https://newslivetv.com/orunodoi-scheme-launched-in-assam/ | title=অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ | publisher=নিউজ লাইভ টি ভি, প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটে | date=১ ডিচেম্বৰ, ২০২০ | accessdate=September 24, 2021}}</ref> <ref name="News18AssamNE">{{cite web | url=https://assam.news18.com/news/assam/arunodoi-scheme-inaugarated-by-chief-minister-assam-women-to-get-830-rupees-pm-tv-bipul-88931.html | title=মাহেকত ৮৩০ টকাকৈ একাউণ্টত পাব ৰাজ্যৰ মহিলাসকলে, অভিলাসী অৰুণোদয় আঁচনি উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | publisher=নিউজ ১৮ অসম, নৰ্থ ইষ্ট | date=১ ডিচেম্বৰ, ২০২০ | accessdate=September 24, 2021}}</ref> চৰকাৰী বিৱৰণ অনুসৰি হিতাধিকাৰীসকলক ঔষধ ক্ৰয়ৰ বাবে ৪০০ টকা, ৪ কিলোগ্ৰাম দাইলজাতীয় খাদ্য আৰু ৪ কিলোৰাম চেনিৰ বাবদ ৫০% ৰাজসাহাৰ্য্যৰ হাৰত ক্ৰমে ২০০ টকা আৰু ৮০ টকা, আৰু শাক-পাচলি আৰু ফল-মূলৰ ক্ৰয়ৰ বাবে ১৫০ টকা ধাৰ্য্য কৰা হৈছে। <ref name="অসম-চৰকাৰৰ-ৱেবছাইট"/> উল্লেখনীয় যে, এই আঁচনিখনে অসমৰ বড়োলেণ্ড টেৰিট'ৰিয়েল ৰিজ'ন (বিটিআৰ)ৰ অন্তৰ্গত ৪ খন জিলাৰ ব্যতিৰেকে অসমৰ আন সকলো জিলাকে সাঙুৰি লয়।
 
চৰকাৰৰ দ্বাৰা ঘোষিত নীতি অনুসৰি, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক নিৰ্বাচন কৰিবলৈ একোখন জিলা পৰ্য্যায়ৰ নিৰীক্ষণ সমিতি থাকিব। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হ'ব। অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, স্বামীহাৰা তথা দিব্যাংগ লোক থকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব। এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত ১০,০০০ টকা উপাৰ্জন হ’ব পৰিয়ালটোৰ। অৰুণোদয় আঁচনিৰ সুবিধা হিতাধিকাৰী পৰিয়ালৰ ঘৰৰ বাহিৰত বিভাগীয় চৰকাৰৰ ল'গ’ লগোৱা থাকিব। চৰকাৰৰ ঘোষণা অনুসৰি, এই আঁচনিৰ কাৰণে চৰকাৰে বাৰ্ষিক বাজেটত মুঠ ২৮০০ কোটি টকা ধাৰ্য কৰিছে। <ref name="অসম-চৰকাৰৰ-ৱেবছাইট"/>