লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
১৮৯৩ চনৰ ১৫ মে' তাৰিখে [[অসম]]ৰ [[শোণিতপুৰ]] জিলাৰ [[তেজপুৰ]]ত লক্ষ্মীনাথ দাসৰ জন্ম হৈছিল৷ অৱশ্যে তেখেতৰ জীৱনৰ পৰৱৰ্তী অংশ অতিবাহিত হয় [[গুৱাহাটী]]ত৷ লক্ষ্মীনাথ দাসৰ পিতৃ হৈছে ভোলানাথ দাস৷ ভোলানাথ দাসে ''সীতাহৰণ কাব্য'', ''চিন্তা তৰংগিনী'' আদি লিখিছিল৷

১৯১১ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ বাবে তেখেতে জলপানি লাভ কৰে৷ [[কটন মহাবিদ্যালয়]]ত নামভৰ্তি কৰি ১৯১৩ চনত লক্ষ্মীনাথ দাসে আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু [[কলিকতা বিশ্ববিদ্যালয়]]ৰ ভিতৰতে [[গণিত]]ত সৰ্বোচ্চ নম্বৰ লাভ কৰে৷ তেখেতে 'ডাফ' বৃত্তি পায়৷ ১৯১৫ চনত তেখেতে [[পদাৰ্থ বিজ্ঞান]]ত অনাৰ্ছসহ সোণৰ পদক লাভ কৰি বি এছ ছি ডিগ্ৰী অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত একেটা বিষয়তে তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ এম এচ ছি ডিগ্ৰী লাভ কৰে৷ <ref name="লক্ষ্মীনাথ" />
 
==কৰ্মজীৱন==
===অধ্যাপক===