লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

33 নং শাৰী:
১৯১৭ চনত লক্ষ্মীনাথ দাসে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷ অৱশ্যে দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত তেখেতে অংশগ্ৰহণ কৰাৰ বাবে অধ্যাপনাৰ জীৱন স্থায়ী নহ'ল৷ ১৯২১ চনত তেখেতে চাকৰি ত্যাগ কৰি [[অসহযোগ আন্দোলন]]ত নামি পৰে৷ আন্দোলন শাম কটাত পুনৰ ১৯২৩ চনত তেখেতে চাকৰি কৰিবলৈ মন মেলে৷
===গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীক্ষক===
লক্ষ্মীনাথ দাহে কটন কলেজত পুনৰ যোগদান কৰাৰ সুযোগ পাইছিল যদিও গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰিবলৈ ওলোৱা ৰাজহুৱা পানী যোগান প্ৰকল্পইহে তেখেতৰ মন আকৰ্ষণ কৰে৷ ব্ৰিটিছ চৰকাৰে এটা জাৰ্মান কোম্পানীৰ সহযোগিতাত অসমৰ গুৱাহাটীত প্ৰথমটো পানীকল স্থাপন কৰিবলৈ ওলায়৷ ইয়াৰ বাবে তেওঁলোকক এজন অধীক্ষক (ছুপাৰিণ্টেণ্ডেণ্ট)ৰ প্ৰয়োজন হয়৷ শেষত কেইবাগৰাকীও অনা-অসমীয়া অভিযন্তাৰ প্ৰাৰ্থিত্বৰ মাজৰ পৰা লক্ষ্মীনাথ দাসক নিৰ্বাচিত কৰা হয়৷ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতেক পানী যোগান ব্যৱস্থাৰ পদটো প্ৰদান কৰাত আগভাগ লৈছিল৷ উল্লেখ্য যে, ১৯৬৭ চনলৈকে লক্ষ্মীনাথ দাস উক্ত পদত অধিষ্ঠিত হৈ থাকে৷ <ref name="লক্ষ্মীনাথ" />
===উদ্ভাৱক হিচাপে===
গুৱাহাটী চহৰৰ উজান বজাৰৰ দক্ষিণ-পশ্চিম কোণতেই লক্ষ্মীনাথ দাসৰ বাসগৃহটো আছিল৷ এই বাসগৃহটোৱেই আছিল তেখেতৰ পৰীক্ষাগাৰ বা লেব'ৰেটৰি৷ তেখেতে ''ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়'নিয়াৰ্ছ'' নামৰ প্ৰতিষ্ঠানটো খুলি তাতেই চিঞাহী, ঔষধ, চাবোন, তেল, প্ৰসাধন আদি বস্তুৰ উৎপাদন কৰিছিল৷ লক্ষ্মীনাথ দাসৰ দুটামান উদ্ভাৱন<ref name="লক্ষ্মীনাথ" /> তলত উল্লেখ কৰা হ'ল-<br />
* ছাত্ৰাৱস্থাতেই লক্ষ্মীনাথ দাসে এখন '''যন্ত্ৰ-চালিত নাও''' নিৰ্মাণ কৰিছিল৷ নাওখনৰ সহায়ত তেখেতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দেখুৱাইছিল৷
* নিজৰ কোঠাৰে বেৰত যন্ত্ৰপাতি সহায়ত লক্ষ্মীনাথ দাসে এটি '''অনাঁতাৰ গ্ৰাহক যন্ত্ৰ''' সাজি উলিয়ায়৷ অঞ্চলটোৰ ৰাইজে সেইটো ৰেডিঅ'তে বিশ্বযুদ্ধকে ধৰি দেশ-বিদেশৰ খবৰ লাভ কৰিছিল৷
* জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা লক্ষ্মীনাথ দাসে নিজে হাতেৰে এটা শক্তিশালী '''দূৰবীণ''' সাজি উলিয়াইছিল৷ ইয়াৰ জৰিয়তে তেখেতে আকাশ নিৰীক্ষণ কৰিছিল৷
* '''অসমীয়া টাইপৰাইটাৰ যন্ত্ৰ''' উদ্ভাৱন কৰিবলৈও যত্নৱান হোৱা লক্ষ্মীনাথ দাসে কেশৱকান্ত বৰুৱাৰ সহযোগত '''বৰদাস লিপি''' (বৰুৱা+দাস) নামেৰে এবিধ নতুন ঠাঁচৰ অসমীয়া লিপি সৃষ্টি কৰিবলে প্ৰয়াস কৰিছিল৷
* স্বদেশী আন্দোলনৰ সময়ছোৱাত লক্ষ্মীনাথ দাসে '''লক্ষ্মী যঁতৰ''' নামেৰে এবিধ যঁতৰ নিৰ্মাণ কৰে৷ গাঁৱে-ভূঁয়ে জনপ্ৰিয় হোৱা এই যঁতৰটোৰ উদ্ভাৱন কৰাৰ বাবে গৌৰীপুৰৰ ৰজাই তেখেতক সোণৰ পদকেৰে সন্মান জনাইছিল৷
* ঘৰুৱা উদ্যোগত লক্ষ্মীনাথ দাসে নেত্ৰকল্যাণ, নিউছিল, আইছিপিন আদিৰ দৰে ঔষধ প্ৰস্তুত কৰিছিল৷ ঔষধবোৰ তেখেতে নিজৰ দেহত প্ৰয়োগ কৰি চাইছিল৷ নিউছিল নামৰ ঔষধটো কটা-ছিঙাত লগাব পৰা গৈছিল৷
* ফাঁচী বজাৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাত লক্ষ্মীনাথ দাসে এবিধ বিশেষ কৌশল খটুৱাই নিগনি নিয়ন্ত্ৰণ কৰাৰ দিহা কৰিছিল৷ <ref name="লক্ষ্মীনাথ" />
 
==তথ্যসূত্ৰ==
[[শ্ৰেণী:অসমৰ বিজ্ঞানী]]