লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

44 নং শাৰী:
* ফাঁচী বজাৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাত লক্ষ্মীনাথ দাসে এবিধ বিশেষ কৌশল খটুৱাই নিগনি নিয়ন্ত্ৰণ কৰাৰ দিহা কৰিছিল৷ <ref name="লক্ষ্মীনাথ" />
 
===সাহিত্যিক আৰু অন্যান্য কৰ্ম===
===বিজ্ঞানভিত্তিক ৰচনাৰাজি===
লক্ষ্মীনাথ দাসে বাৰ বছৰ বয়সতে এটি বিজ্ঞানভিত্তিক কবিতা ৰচনা কৰিছিল৷ কবিতাটো পঢ়ি উঠি পিতৃ ভোলানাথ দাসে মন্তব্য কৰিছিল-"তই দেখোন সাহিত্যত এই সোপা বিজ্ঞানৰ কথাহে লিখিলি৷ বিজ্ঞানহে তোৰ অধিক প্ৰিয় হ'ব যেন পাওঁ৷ দুয়োকো নেৰিবি৷ পাৰিলে দুয়োটাৰে সমন্বয় ঘটাবি৷"
 
১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা 'অসম ছাত্ৰ সন্মিলন'ৰ সভাত লক্ষ্মীনাথ দাসে 'কম্পন' নামৰ জনপ্ৰিয় বিজ্ঞানৰ এটি সুদীৰ্ঘ প্ৰবন্ধ পাঠ কৰিছিল৷ ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনৰ সভাপতিৰ পদো তেখেতে অলংকৃত কৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ''জয়মতী'' কথাছবিৰ দৃশ্যসজ্জা সন্দৰ্ভত তেখেতে পৰামৰ্শ দিছিল৷ তেখেতে ৰাজদৰবাৰত কলগছ ব্যৱহাৰৰ পৰামৰ্শ দিছিল যদিও জ্যোতিপ্ৰসাদে সেই পৰামৰ্শ মনা নাছিল৷ ইয়াৰ বাবে দৰ্শকৰ চকুত কলগছবোৰ সহজে ধৰা পৰিছিল৷ লক্ষ্মীনাথ দাসে যুক্তি দৰ্শাইছিল যে, কেমেৰাৰ সমুখত কলগছ ব্যৱহাৰ কৰিলে মঞ্চসদৃশ মায়া সৃষ্টি কৰিব পৰা নাযাব৷ <ref name="লক্ষ্মীনাথ" />
 
==ব্যক্তিগত জীৱন==