টংগাম ৰীণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
28 নং শাৰী:
== প্ৰাণনাশৰ আক্ৰমণ ==
২০১২ চনৰ ১৫ জুলাই তাৰিখে সন্ধিয়া সময়ত ''দ্য অৰুণাচল টাইমছ্'' কাকতৰ ইটানগৰত অৱস্থিত কাৰ্য্যালয়ৰ সম্মুখতে তিনিজন বন্দুকধাৰীয়ে টংগাম ৰীণাৰ ওপৰত গুলীবৰ্ষণ কৰে। তেওঁক ততাতৈয়াকে নিকটৱৰ্তী ৰাম কৃষ্ণ মিছন হস্পিটেললৈ লোৱা হয় আৰু চিকিৎকৰ পৰীক্ষাৰ অন্তত তথ্য অনুসৰি ৰীণা তেওঁৰ অন্ত্ৰ আৰু ৰাজহাঁড়ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক শীঘ্ৰে অস্ত্ৰোপচাৰ কৰোৱা হৈছিল। সংবাদ মাধ্যমৰ নেৰানেপেৰা দাবীৰ শেষত ৰাজ্যখনৰ আৰক্ষী বিভাগে সেই গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা(চি বি আই)ক প্ৰদান কৰে যদিও কেন্দ্ৰীয় সংস্থাটোৱে সেয়া প্ৰত্যাখ্যান কৰে। প্ৰায় এবছৰতকৈও অধিক কালৰ পিছত য়ুমলাং আচুং নামৰ এজন ব্যক্তিয়ে টংগাম ৰীণাৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি ঘোষণা কৰে। আচুঙৰ সহযোগী অজিত পেগু আৰু ৰাজু গুৰুঙৰ স্বীকাৰোক্তি অনুসৰি আচুং আৰু তেওঁৰ সংগঠনৰ ক্ৰিয়া-কলাপৰ সম্পৰ্কে ৰীণাই কাকতত নিলিখাৰ বাবেই সিহঁত খৰ্গহস্ত হৈছিল। <ref name="BSItanagarShootout">{{cite web | url=http://www.business-standard.com/article/news-ani/itanagar-police-solve-shootout-case-involving-arunachal-times-associate-editor-tongam-rina-113071100129_1.html | title=Itanagar Police solve shootout case involving Arunachal Times Associate Editor Tongam Rina | work=Business Standard | date=11 July 2013 | access-date=25 May 2018}}</ref> আচুঙক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত মুকলি কৰি দিয়া হয়। ৰীণাৰ ৰাজহাঁড়ত বন্দুকৰ গুলীয়ে অতি গুৰুতৰ আঘাত কৰিব নোৱৰাৰ বাবে ৰীণাৰ স্বাস্থ্য ক্ৰমে উন্নততৰ অৱস্থালৈ আহে। <ref>{{cite web | url=https://rsf.org/en/hero/tongam-rina | title=INFORMATION HERO Tongam Rina | publisher=[[Reporters Without Borders]] | access-date=25 May 2018}}</ref>
 
== সন্মান আৰু স্বীকৃতি ==
অৰুণাচল প্ৰদেশত নিৰ্মিত, নিৰ্মীয়মান আৰু নিৰ্মতব্য জলবিদ্যুৎ প্ৰকল্পসমূহৰ অনুপযোগিতা আৰু কু-প্ৰভাৱৰ বিষয়ে টংগাম ৰীণাৰ বিস্তৃত লেখা-মেলা সমূহৰ বাবে The Sanctuary Nature Foundation-এ ২০১৭ চনত তেওঁকWind under the Wings" বঁটা প্ৰদান কৰে।<ref>{{Cite web|url=http://www.sanctuaryasia.com/events/sanctuary-wildlife-awards-2017.html|title=Sanctuary Wildlife Awards 2017|website=sanctuaryasia.com|access-date=25 May 2018}}</ref><ref>{{Cite news|url=http://www.thehindu.com/todays-paper/tp-national/tp-mumbai/scarcity-of-resources-will-make-headlines/article21377823.ece|title=Scarcity of resources will make headlines|last=Bakshi|first=Harsharan|date=9 December 2017|work=The Hindu|access-date=25 May 2018|issn=0971-751X}}</ref> ২০১৫ বৰ্ষত তেওঁক সামাজিক সেৱাৰ ক্ষেত্ৰত CNN-IBN ইণ্ডিয়ান অৱ দ্য ইয়েৰ সন্মান প্ৰদান কৰা হয়। <ref>{{Cite web|url=https://www.news18.com/videos/india/ioty-2014-4-974369.html|title=Tongam Rina wins Indian of the Year in public service category|website=News18|access-date=10 February 2019}}</ref> তদুপৰি লিংগ-সংবেদনশীলতাৰ বাবে ২০১১-১২ চনত লাডলী মেডিয়া বঁটা আৰু ২০১৪ চনত ৰিপ'ৰ্টাৰ্ছ উইডাউট ব'ৰ্ডাৰ্ছ সন্মানেৰে ৰীণা সন্মানিত হয়। ২০১৩ চনত তেওঁ জাৰ্মেনীৰ Media Foundation of Leipzig-ৰ দ্বাৰা 'Prize for the Freedom and Future of the Media' বঁটাৰ বাবে নিৰ্বাচিত হৈছিল। <ref>{{Cite news|url=https://economictimes.indiatimes.com/news/politics-and-nation/reporters-sans-frontier-honours-journalist-tongam-rina/articleshow/34830031.cms|title='Reporters Sans Frontier' honours journalist Tongam Rina|date=8 May 2014|work=The Economic Times|access-date=10 February 2019}}</ref>
 
==তথ্যসুত্ৰ==