নুপি লান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী:
মণিপুৰৰ মহাৰাজ আৰু মণিপুৰত ব্ৰিটিছ চৰকাৰৰ (১৯৩৩-৪৫) ৰাজনৈতিক এজেণ্ট শ্ৰীযুত গিমছনৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক নীতিৰ বিৰুদ্ধে মণিপুৰী মহিলাসকলে আন্দোলন হিচাপে এই আন্দোলন আৰম্ভ কৰিছিল। পিছলৈ ই মণিপুৰত সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ বাবে এক আন্দোলনলৈ বিকশিত হৈছিল।<ref name="jstor">{{cite web|url=https://www.jstor.org/stable/4364388| title=Nupi Lan: Manipur Women's Agitation, 1939| accessdate=27 September 2021}}</ref>
 
দ্বিতীয় নুপি লানত মণিপুৰৰ কৃষিপ্ৰধান অঞ্চলৰ কৃষি অৰ্থনীতিত নিৰ্ণায়ক ভূমিকা পালন কৰি অহা মণিপুৰী মহিলাসকলে বৃটিছব্ৰিটিছ চৰকাৰৰ চাউলৰ ৰপ্তানিৰ নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল। ব্ৰিটিছ কৰ্তৃপক্ষই নীৰস্ত্ৰ মহিলা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে সামৰিক আৰু আৰক্ষী বাহিনী মোতায়েন কৰি তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।<ref name="TMP"/> তেওঁলোকে ব্ৰিটিছ নীতিৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দিছিল আৰু তেওঁলোকৰ কেইগৰাকীমানে এই আন্দোলনত প্ৰাণ হেৰুৱাইছিল। এই সংগ্ৰাম কেইবামাহ ধৰি চলিছিল কিন্তু [[দ্বিতীয় বিশ্বযুদ্ধ]] আৰম্ভ হোৱাৰ পিছত ইয়াৰ তীব্ৰতা ক্ৰমে হ্ৰাস পাইছিল।<ref name="GS">{{cite web|url=https://www.gendersecurityproject.com/post/the-nupi-lan|title=Nupi Lan| accessdate=27 September 2021}}</ref>
 
==গুৰুত্ব==
বুৰঞ্জীবিদসকলৰ মতে নুপি লান আন্দোলনে মণিপুৰ নিৰ্মাণত যথেষ্ট অৰিহণা যোগাইছে। প্ৰথমতে, ই মণিপুৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰৰ বীজ ৰোপণ কৰিছিল। <ref name="TMP"/> দ্বিতীয়তে, এই আন্দোলন জননেতা হিজাম ইৰাবটৰ দৰে নেতাসকলৰ ৰাজনৈতিক জীৱনৰ এক টাৰ্ণিং পইণ্ট আছিল। এই আন্দোলনৰ আগতে তেওঁৰ মুখ্য লক্ষ্য সামাজিক সংস্কাৰ আছিল। ইৰাবটে পিছলৈ এজন উগ্ৰপন্থী কমিউনিষ্ট হৈ মণিপুৰত কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰিছিল।<ref name="milap">{{cite web|url=https://milaap.org/stories/nupi-lan-s-significance-today|title=Nupi Lan - the historic Manipuri women's war for a better life| accessdate=27 September 2021}}</ref>
 
==তথ্য উৎস==
20 নং শাৰী:
 
[[শ্ৰেণী:মণিপুৰ]]
[[শ্ৰেণী:সামাজিক আন্দোলন]]
[[শ্ৰেণী:ব্ৰিটিছ শাসিত ভাৰত]]
"https://as.wikipedia.org/wiki/নুপি_লান"ৰ পৰা অনা হৈছে