ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
1 নং শাৰী:
[[File:NP Himachal Pradesh 68 (6348260166).jpg|thumb|ভাৰতৰ [[হিমাচল প্ৰদেশ]]ৰ কুল্লু চহৰৰ ওচৰত মহিলা কৃষকসকলে তেওঁলোকৰ পাচলিৰ প্লটত কাম কৰি আছে। আগতে অঞ্চলটো উচ্চ মূল্যৰ আপেলৰ এক মুখ্য উৎপাদক আছিল, কিন্তু যোৱা কেইটামান দশকত বৰ্ধিত তাপমাত্ৰাই তাত থকা প্ৰায় সকলো আপেল উৎপাদকক তেওঁলোকৰ শস্য ত্যাগ কৰিবলৈ বাধ্য কৰিছে। পাচলি উৎপাদনলৈ সলনি কৰাৰ ফলত এই কৃষকসকলৰ উপাৰ্জন গুৰুত্বপূৰ্ণভাৱে বৃদ্ধি হৈছে, যি অত্যন্ত লাভজনক হ'ব পাৰে। ছবি নীল পালমাৰ (চিআইএটি)-ৰ দ্বাৰা। |alt=Pic by Neil Palmer (CIAT). Women farmers at work in their vegetable plots near Kullu town, Himachal Pradesh, India. Previously the area was a major producer of high-value apples, but rising temperatures in the last few decades have forced almost all apple producers there to abandon their crop. For these farmers, switching to vegetable production has resulted in a major boost in incomes and livelihoods, illustrating that climate change adaptation can be effective and highly profitable.|350x350px]]
[[ভাৰত]]ৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে।<ref>Ghosh, M., & Ghosh, A. (2014). Analysis of women participation in Indian agriculture. IOSR J. Human. Soc. Sci, 19(5), 1-6.</ref>উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।<ref name="World Bank">. (2011): http://devdata.worldbank.org/AAG/ind_aag.pdf {{Webarchive|url=https://web.archive.org/web/20100529153028/http://devdata.worldbank.org/AAG/IND_aag.pdf |date=2010-05-29 }}</ref> ভাৰতৰ গ্ৰাম্য অঞ্চলত বাস কৰা ১.১১১০ বিলিয়নকোটি লোকৰ ভিতৰত ৭২% লোকৰ জীৱনধাৰণৰ মূল উপায় হৈছে কৃষি।<ref name="C. Tara Satyavathi, Ch. Bharadwaj and P.S. Brahmanand">“Role of Farm Women In Agriculture: Lessons Learned,” SAGE Gender, Technology, and Development 2010 http://gtd.sagepub.com/content/14/3/441.full.pdf+html</ref>
 
পৰম্পৰাগত বা ঔদ্যোগিক উপায়েৰে হওক, বা জীৱিকা আৰু কৃষি শ্ৰমিকৰ জৰিয়তে হওক, ভাৰতৰ কৃষি খণ্ডত মহিলাসকলৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব আছে। ভাৰতত কৃষি প্ৰত্যক্ষভাৱে বহুক্ষেত্ৰৰ সৈতে জড়িত যেনে অৰ্থনৈতিক স্বাধীনতা, সিদ্ধান্ত লোৱাৰ সামৰ্থ্য, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ প্ৰৱেশাধিকাৰ আৰু লগতে দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ দৰে কাৰকসমূহ ইয়াৰ লগত জটিলভাৱে সাঙুৰ খাই আছে।