অন্নদা দেৱী বৰকটকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
49 নং শাৰী:
অন্নদা দেৱী বৰকটকীৰ স্বামী গংগাধৰ বৰকটকীয়ে ''বৰকটকী এণ্ড কোম্পানী'' নামৰ এক কোম্পানী আৰম্ভ কৰিছিল। এই বৰকটকী এণ্ড কোম্পানীৰ বিকাশত অন্নদা দেৱী বৰকটকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁৰ প্ৰচেষ্টাতে [[যোৰহাট]]ৰ বালিগাঁৱত বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠে। তাৰ ভিতৰত জয়া উৎসৱ, মাতৃ মন্দিৰ, মিলন মন্দিৰ জয়মতী আদৰ্শ বালিকা মহিলা বিদ্যালয়, জয়মতী ছোৱালী মজলীয়া স্কুল, বালিগাঁও মাতৃমংগল, শিশু-মংগল কেন্দ্ৰ আদিয়ে প্ৰধান। <ref name="সঅবি"/>
 
১৯২১ চনৰ স্বাধীনতা আন্দোলনত অন্নদা দেৱী বৰকটকীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সেই আন্দোলনত যোৰহাটত অন্নদা দেৱী বৰকটকীয়ে নাৰীসকলক নেতৃত্ব দিছিল।<ref name="গুগল বুক">{{cite web | url=https://books.google.co.in/books?id=gZmusO1pWjUC&pg=PA127&lpg=PA127&dq=Annada+Devi+Borkotoki&source=bl&ots=x3raHlGWWf&sig=ACfU3U1wEqhEpFHnHx6363MjfgPgAX2YKA&hl=en&sa=X&ved=2ahUKEwjb3IiCqKLzAhVG7nMBHV1zBsMQ6AF6BAgsEAI#v=onepage&q=Annada%20Devi%20Borkotoki&f=false | title=গুগলQuit বুকIndia Movement In Assam|author=Anil Kumar Sharma | accessdate=29 September 2021|year=2007|isbn=81-8324-242-1}}</ref> অন্নদা দেৱী বৰকটকী ''অসম হৰিজন সংঘ'' আৰু ''অসম মহিলা সমিতি''ৰো সক্ৰিয় সদস্য আছিল। অন্নদা দেৱী বৰকটকীৰ প্ৰচেষ্টাতে বালিগাঁৱত ১৯৩৫-৩৬ চনত প্ৰথম জয়া উৎসৱ অনুষ্ঠিত হয়। <ref name="সঅবি"/>
 
প্ৰয়াত অন্নদা দেৱী বৰকটকীয়ে ১৯৬৩ চনত “নামাঞ্জলি” নামৰ এখন ধৰ্মকাৰ্য্যৰ উপযোগী পুৰণি গ্ৰন্থ সংগ্ৰহ কৰি সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত পুনৰ প্ৰকাশ ধৰিছিল। কিতাপখনৰ প্ৰকাশক আছিল গৌৰীচৰণ বৰকটকী আৰু মুদ্ৰাকৰ পাৰ্ব্বতী প্ৰসাদ বৰকটকী।