জয়া সেনাপতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:

'''জয়া সোনাপতি''' ({{lang-en|Joya Senapati}}) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ উপ-সভানেত্ৰী হিচাপে কৰ্মৰত৷ সেইদৰে তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref> বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেত [[লখিমপুৰ]] জিলাৰ এগৰাকী আগশাৰীৰ সমাজ-সাহিত্য সংগঠক৷<ref>সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, প্ৰথম প্ৰকাশ, ২০১৮, গুৱাহাটী, পৃষ্ঠা-৫৩ </ref> অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা আৰু ইয়াৰ প্ৰসাৰ প্ৰচাৰত তেখেতৰ অশেষ ভূমিকা আছে৷ লেখিকাসকলৰ পৰিচয় আৰু সাহিত্যৰাজিক বিষয় হিচাপে লৈ তেখেতে সম্পাদনামূলক গ্ৰন্থ এখনো ইতিমধ্যে প্ৰকাশ কৰিছে৷

==জন্ম আৰু বংশ পৰিচয়==
তেখেতৰ জন্ম হয় ১৯৫০ চনত৷চনত লখিমপুৰ জিলাত৷ তেখেতৰ পিতৃৰ নাম দীননাথ হাজৰিকা আৰু মাতৃৰ নাম ৰত্নপ্ৰভা হাজৰিকা৷

==শিক্ষা==
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে লথৌ বুনিয়াদী বিদ্যালয়ৰপৰা৷ পৰৱৰ্তী সময়ত উত্তৰ লখিমপুৰ বালিকা উচচ ইংৰাজী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ নৰ্থ লখিমপুৰ কলেজত একালত স্নাতক ডিগ্ৰীৰ বাবে পঢ়িছিল যদিও পৰৱৰ্তী সময়ত ব্যক্তিগত কাৰণত [[নাওৈবচা কলেজ]]ৰ অসমীয়া বিভাগৰপৰাহে অসমীয়া বিষয়ত স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰপৰা অসমীয়া বিষয়তে স্নাতকোত্তৰ শিক্ষা লাভ কৰে৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

==চাকৰি জীৱন==
49 নং শাৰী:
==সাহিত্যৰাজি==
===প্ৰবন্ধ সংকলন===
#প্ৰবন্ধ সুষমা,২০১৭

===কবিতা পুথি===
#তামৰঙী আকাশ, ২০০৬

===সম্পাদিত গ্ৰন্থ===
#অসমীয়া লোকসাহিত্য আৰু লোককলা

#জনমানসত ফকৰা-যোঁজনা, ২০১২

#সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, ২০১৮

#পৰম হিতৈষী, হিতৈষী আৰু আজীৱন সভ্যকোষ, ২০১৮
#বীৰাঙ্গনা আলোচনী

===সামাজিক অৱদান===
65 নং শাৰী:

==বঁটা আৰু সন্মান==
*সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দিয়া ‘স্বৰ্ণলতা হাজৰিকা স্মৃতি’ প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ৷

*ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ৷ <ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

*সু-সংগঠক বঁটা, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতি

*সু-সংগঠক বঁটা, অসম লেখিকা সমাৰোহ সমিতি, ২০২১

*সাহিত্য ৰত্ন বঁটা, সাহিত্য-সংস্কৃতি সোৱামঞ্চ, অসম

*সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯

*Consumer choice Awards by Consumer Rights Organisation, Assam

*নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি প্ৰদান

*শঙ্কৰ-আজান বঁটা

== তথ্যসূত্ৰ ==