ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary

16 নং শাৰী:

* ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননি পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। - [[User:Boranitul|নিতুল বৰা]] (মাৰ্চ, ২০১৬)