লালবাহাদুৰ শাস্ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
32 নং শাৰী:
'''লালবাহাদুৰ শাস্ত্ৰী''' ({{lang-en|Lal Bahadur Shastri}}) (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই [[ভাৰত]]ৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী [[জৱহৰলাল নেহেৰু]]ৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল।<ref name="লালবাহাদুৰ শাস্ত্ৰী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৫০,৫১,৫২,৫৩,৫৪,৫৫,৫৬}}</ref>
 
==জন্ম আৰু পৰিায়লপৰিয়াল==
লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম ১৯০৪ চনৰ ২ অক্টোবৰ তাৰিখে, [[উত্তৰ প্ৰদেশ]]ৰ [[বাৰাণাসী]] জিলাৰ [[মোগলচৰাই]] গাঁৱত। তেওঁৰ পিতাকৰ নাম শাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু মাকৰ নাম হৈছে ৰাম দুলাৰী দেৱী। সৰুতে ঘৰত মাতিছিল লাল, কোনোৱে লালাজী বুলি। মাত্ৰ ডেৰবছৰ বয়সতে লালবাহাদুৰৰ পিতাক ঢুকায়। স্বামী বিয়োগত ৰামদুলাৰী অথাই সাগৰত পৰে। ৰাম দুলাৰীৰ তেতিয়া তিনিটা সন্তান। শেষত তেওঁলোকৰ পৰিয়ালটো মোমায়েকৰ ঘৰলৈকে যাবলৈ বাধ্য হয়। মোমায়েকৰ পৰিয়াটোৰো অৱস্থা শোচনীয় আছিল। তাতেই নানা-দুখ-কষ্টৰ মাজেৰে তেওঁ ডাঙৰ দীঘল হয়। লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯২৭ চনত বিয়া কৰাইছিল ললিতা দেৱীক। বৈবাহিক জীৱনৰ চিন হিচাপে তেওঁলোকৰ চাৰিজন ল'ৰা আৰু দুজনী ছোৱালী সন্তান প্ৰাপ্তি হয়।<ref name="লালবাহাদুৰ শাস্ত্ৰী"/>