লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
20 নং শাৰী:
'''লক্ষ্মীনাথ দাস''' ({{lang-en|Laxminath Das}}) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত [[অসম]]ত [[বিজ্ঞান]] জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল। [[গুৱাহাটী]]ত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি [[স্বদেশী আন্দোলন]]ৰ সময়ত ''লক্ষ্মী যঁতৰ''ৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে। তেখেতে [[মহাত্মা গান্ধী]]ৰ নীতি-আদৰ্শ মানি চলিছিল। তেখেতে [[কটন মহাবিদ্যালয়]]ত [[পদাৰ্থ বিজ্ঞান]]ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল।
 
বাৰ বছৰ বয়সতে এটা বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত [[অসম]]ৰ [[ধুবুৰী]]ত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়। তেখেতে অসমীয়া টাইপ ৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল। ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰ-চালিত নাও, ঘৰুৱা উদ্যোগ স্থাপন, ৰেডিঅ', দূৰবীণ আদিৰো তেখেতে নিৰ্মাণ কৰিছিল।
 
অসমৰ প্ৰথমখন কথাছবি [[জয়মতী]]ৰ দৃশ্যসজ্জা সম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ক প্ৰদান কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তেখেতৰ ব্যুৎপত্তি দেখি একাংশই লক্ষ্মীনাথ দাসক "অসমৰ [[মাইকেল ফেৰাডে|ফাৰাডে]]" বুলি অভিহিত কৰে৷ <ref name="লক্ষ্মীনাথ" />