দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
(edited with ProveIt)
3 নং শাৰী:
 
==বৰ্ণনা==
[[চন্দ্ৰকান্ত অভিধান]]ত দিহানামক ''যেই-সেই ঘোষাৰে যেই-সেই পদৰ লগত অধিক সময়লৈ গোৱা নাম'' হিচাপে অভিহিত কৰিছে। <ref name="পূৰ্ণানন্দ ভূঞা"/> মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
 
দিহাৰ শব্দৰ সম্পৰ্কত [[পীতাম্বৰ দেৱগোস্বামী|ড॰ পীতাম্বৰ দেৱগোস্বামী]]য়ে 'অসমৰ নাম অনুষ্ঠান' গ্ৰন্থত এনেদৰে লিখিছে
17 নং শাৰী:
(ঘ) দিহা-পৰামৰ্শ দিয়া :- কাৰ্যৰ যথোচিত নীতিৰ কথা সোঁৱৰাই দিয়া অৰ্থত এনে শব্দৰাশি ব‍্যৱহাৰ কৰা হয়। কিন্তু জীৱনৰ তত্ত্ব অৰ্থাৎ দেহ আৰু আত্মাৰ উৎকৰ্ষ সাধনৰ নিৰ্দেশনা য'ত থাকে সেই অৰ্থতে দিহা শব্দ বিশেষকৈ প্ৰয়োগ কৰা হয়। }}
 
আন এক ব্যাখ্যা অনুসৰি দিহানামৰ দিহা শব্দটো প্ৰাচীন কামৰূপৰ বৌদ্ধ-সহজযান পন্থৰ চৰ্যাগীতৰ ''দোহা'' শব্দৰ পৰা আহিছে বুলি অনুমান কৰা হয়। <ref name="প্ৰতাপ হাজৰিকা">{{cite journal | title=দিহা-নাম | author=প্ৰতাপ হাজৰিকা | journal=প্ৰান্তিক | year=২০১৯ | month=ছেপ্টেম্বৰ | pages=২৮-২৯}}</ref> <ref name="পূৰ্ণানন্দ ভূঞা"/>
 
===প্ৰকাৰ===
দিহা নাম প্ৰধানতঃ দুবিধ- এবিধ হৈছে সত্ৰ-সৱাহৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ সৈতে জড়িত নাম আৰু দ্বিতীয়বিধ হৈছে অসমৰ গাঁৱে-ভূঞে থকা নামঘৰসমূহৰ সৈতে জড়িত দিহানাম। বিশেষ বিশেষ ধৰ্মীয় তিনিসমূহত সত্ৰ-সমাজত পালিত দিনতীয়া কাৰ্য-ক্ৰমণিকাত দিহানাম পৰিৱেশন কৰাটো এৰাব নোৱৰা নিয়ম। <ref name="চিন্তা বৈভৱ ">{{cite journal | author=ড॰ পীতাম্বৰ দেৱগোস্বামী | journal=চিন্তা বৈভৱ, প্ৰথম প্ৰকাশ, মাজুলী | year=২০১৯ | pages=৩৪৫-৩৪৬}}</ref>
 
====নৈমিত্তিক প্ৰসংগৰ অন্তৰ্ভুক্ত দিহানাম ====
নৈমিত্তিক প্ৰসংগৰ অন্তৰ্ভুক্ত দিহা নাম সত্ৰ সবাহত প্ৰচলিত। তিথি পৰ্ব উৎসৱ উপলক্ষ‍্যে সত্ৰ সমূহত যি দিনটীয়া সবাহ অনুষ্ঠিত হয় তাত এই নাম পৰিৱেশন কৰে। ঈশ্বৰৰ মহিমা, লীলা আদি বিষয়ৰ কথাৰে এই নাম গোৱা হয়। সত্ৰত প্ৰচলিত এনে এটি নামৰ উদাহৰণ--
নামত শৰণ হৰি এ
Line 29 ⟶ 30:
আউনীআটী, গড়মূৰ, দক্ষিণপাট, কুৰুৱাবাহী সত্ৰত এই নাম পৰিৱেশন কৰে।
 
====মুকলি দিহানাম ====
এই নাম নামঘৰৰ উপৰি মাংগলিক যিকোনো অনুষ্ঠানত পৰিৱেশন কৰা হয়। খোল,তাল,নাগাৰা এই নামৰ প্ৰধান বাদ‍্যযন্ত্ৰ। ইয়াৰ পদসমূহ কীৰ্তন, দশম, ঘোষাকেন্দ্ৰিক। ইয়াৰ এটি উদ্ধৃতি--
আৰম্ভণি - হৰি এ ৰাম হৰি এ ৰাম ৰাম (পদ,কীৰ্তন)
Line 35 ⟶ 36:
বোল ভায়া গোপাল গোবিন্দ..
 
===পৰিৱেশনৰ সাজপাৰ===
দিহানাম পৰিৱেশন কৰোঁতাই [[ধুতি]], [[চেলেং]], [[গামোচা]] আদি ব‍্যৱহাৰ কৰে। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পোছাক-পৰিচ্ছদ পৰিধান কৰি এই নাম পৰিৱেশন কৰা হয়।
 
==প্ৰসংগ পুথি==
#অসমৰ নাম-অনুষ্ঠান, পীতাম্বৰ দেৱগোস্বামী,২০১০
 
==তথ্য সংগ্ৰহ==
<references/>
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে