দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{অসমীয়া গীতি সাহিত্য}}
'''দিহানাম''' [[অসম]]ৰ [[শংকৰী সংগীত]]ৰ অন্তৰ্গত এবিধ বিশেষ সংগীতশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অন্যান্য ঘোষা-কীৰ্তনৰ দৰেই দিহানামসমূহতো ভগৱানৰ গুণ-নাম-মহিমা কীৰ্তন কৰা হয়। দিহানাম শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক অৱদান হিচাপে অনুমান কৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা">{{cite book | title=শংকৰী সংস্কৃতিৰ আভাস | publisher=লয়াৰ্ছ বুক ষ্টল | author=পূৰ্ণানন্দ ভূঞা | year=২০২১ | pages=৪৮}}</ref>
 
==বৰ্ণনা==
[[চন্দ্ৰকান্ত অভিধান]]ত দিহানামক ''যেই-সেই ঘোষাৰে যেই-সেই পদৰ লগত অধিক সময়লৈ গোৱা নাম'' হিচাপে অভিহিত কৰিছে। <ref name="পূৰ্ণানন্দ ভূঞা"/> মানৱ জীৱনৰ প্ৰকৃত নিৰ্দেশনাসূচক নামসমূহক দিহা নাম বোলে। অৰ্থাৎ দিহানামসমূহত মানুহে জীৱনত কৰিবলগা কাৰ্য বা চলিবলগা পথ সম্পৰ্কে দিহা প্ৰদান কৰা হয়।
 
দিহাৰ শব্দৰ সম্পৰ্কত [[পীতাম্বৰ দেৱগোস্বামী|ড॰ পীতাম্বৰ দেৱগোস্বামী]]য়ে 'অসমৰ নাম অনুষ্ঠান' গ্ৰন্থত এনেদৰে লিখিছে:
{{cquote|বিবিধ অৰ্থত দিহা শব্দ প্ৰয়োগ কৰা হয়। সেই প্ৰায়োগিক শব্দবোৰ এনেধৰণৰ-
(ক) দিহা দিয়া
18 নং শাৰী:
 
আন এক ব্যাখ্যা অনুসৰি দিহানামৰ দিহা শব্দটো প্ৰাচীন কামৰূপৰ বৌদ্ধ-সহজযান পন্থৰ চৰ্যাগীতৰ ''দোহা'' শব্দৰ পৰা আহিছে বুলি অনুমান কৰা হয়। <ref name="প্ৰতাপ হাজৰিকা">{{cite journal | title=দিহা-নাম | author=প্ৰতাপ হাজৰিকা | journal=প্ৰান্তিক | year=২০১৯ | month=ছেপ্টেম্বৰ | pages=২৮-২৯}}</ref> <ref name="পূৰ্ণানন্দ ভূঞা"/> আধ্যাত্মিক আৰু নৈতিক উপদেশেৰে পৰিপূৰ্ণ এই চৰ্যাগীত বা ''দোহাৱলী''বিলাকৰ পৰা সাম্প্ৰতিক সময়ত প্ৰচলিত দিহানাম আৰু দেহবিচাৰ গীতসমূহৰ ভাৱধাৰা আৰু বিষয়-বস্তুৰাজিৰ পাৰ্থক্য দেখা নাযায়। <ref name="প্ৰতাপ হাজৰিকা"/>
 
দিহানামৰ দিহা বা ঘোষাবোৰ নতুনকৈ ৰচনা কৰা যদিও নামৰ সংলগ্ন হিচাপে পৰিৱেশন কৰা পদবোৰ সাধাৰণতে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আদি গ্ৰন্থৰ পৰাই লোৱা হয়। নামসমূহৰ পৰিৱেশনৰ সুৰ-সঞ্চাৰত লোক-সংগীতৰ সুৰৰ প্ৰভাৱ স্পষ্ট ৰূপত পৰিলক্ষিত হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/>
 
===প্ৰকাৰ===
Line 36 ⟶ 38:
বোল ভায়া গোপাল গোবিন্দ..
 
====পৰিৱেশনৰ সাজপাৰপদ্ধতি====
সত্ৰ আৰু নামঘৰসমূহত নাম-কীৰ্তনৰ ক্ষেত্ৰত নিৰ্দিষ্ট ঘোষাৰ সৈতে ইয়াৰ সংলগ্ন পদ আবৃত্তি কৰাটো ধৰাবন্ধা নীতি। সেয়েই, ঘোষা-পদৰ বিশদ জ্ঞান বিশিষ্ট ব্যক্তিকহে সাধাৰণতে নামতি বা নামলগোৱা আৰু পাঠকৰ বাব অৰ্পণ কৰা হয়। এই ৰীতি সামান্যৰূপত শিথিল কৰাৰে পৰাই দিহানামৰ প্ৰচলন বুলি ধৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/> দিহানাম পৰিৱেশন কৰোঁতা অৰ্থাত নামতিয়ে [[ধুতি]], [[চেলেং]], [[গামোচা]] আদি ব‍্যৱহাৰ কৰে। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পোছাক-পৰিচ্ছদ পৰিধান কৰি এই নাম পৰিৱেশন কৰা হয়। নামতিজনে ভাৱ-বস্তুৰ সৈতে সংগতি ৰাখি কেতিয়াবা [[হস্ত-পদ]] দি নৃত্য ভংগীৰে আবৃত্তি কৰে। দিহানাম সাধাৰণতে মধ্য আৰু দ্ৰুত লয়ত পৰিৱেশন কৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/> অসমৰ গাঁৱৰ নামঘৰসমূহত অনুষ্ঠিত বাৰ্ষিক ভাওনা বা বৰসবাহত পাঠৰ শেষত সৱহুৱা নাম হিচাপে দিহা নাম পৰিৱেশিত হয়। নামলগোৱাই থিয় হৈ আৰু বাকীসকলে বহি নামত ভাগ লয়। নামৰ মাজে মাজে নিশি দি যোৱা হয়। নামত ভাগ লগোৱা সকলোৱে হাত-চাপৰি বজোৱাৰ লগতে ভোৰতাল, খোল, নেগেৰা ইত্যাদি বজোৱা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/>
দিহানাম পৰিৱেশন কৰোঁতাই [[ধুতি]], [[চেলেং]], [[গামোচা]] আদি ব‍্যৱহাৰ কৰে। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পোছাক-পৰিচ্ছদ পৰিধান কৰি এই নাম পৰিৱেশন কৰা হয়।
 
==প্ৰসংগ পুথি==
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে