দিহানাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
 
====পৰিৱেশনৰ পদ্ধতি====
সত্ৰ আৰু নামঘৰসমূহত নাম-কীৰ্তনৰ ক্ষেত্ৰত নিৰ্দিষ্ট ঘোষাৰ সৈতে ইয়াৰ সংলগ্ন পদ আবৃত্তি কৰাটো ধৰাবন্ধা নীতি। সেয়েই, ঘোষা-পদৰ বিশদ জ্ঞান বিশিষ্ট ব্যক্তিকহে সাধাৰণতে নামতি বা নামলগোৱা আৰু পাঠকৰ বাব অৰ্পণ কৰা হয়। এই ৰীতি সামান্যৰূপত শিথিল কৰাৰে পৰাই দিহানামৰ প্ৰচলন বুলি ধৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/> দিহানাম পৰিৱেশন কৰোঁতা অৰ্থাত নামতিয়ে [[ধুতি]], [[চেলেং]], [[গামোচা]] আদি ব‍্যৱহাৰ কৰে। সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পোছাক-পৰিচ্ছদ পৰিধান কৰি এই নাম পৰিৱেশন কৰা হয়। নামতিজনে ভাৱ-বস্তুৰ সৈতে সংগতি ৰাখি কেতিয়াবা [[হস্ত-পদ]] দি নৃত্য ভংগীৰে আবৃত্তি কৰে। দিহানাম সাধাৰণতে মধ্য আৰু দ্ৰুত লয়ত পৰিৱেশন কৰা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/> অসমৰ গাঁৱৰ নামঘৰসমূহত অনুষ্ঠিত বাৰ্ষিক ভাওনা বা বৰসবাহত পাঠৰ শেষত সৱহুৱা নাম হিচাপে দিহা নাম পৰিৱেশিত হয়। নামলগোৱাই থিয় হৈ আৰু বাকীসকলে বহি নামত ভাগ লয়। নামৰ মাজে মাজে নিশি দি যোৱা হয়। নামত ভাগ লগোৱা সকলোৱে হাত-চাপৰি বজোৱাৰ লগতে ভোৰতাল, খোল, নেগেৰা ইত্যাদি বজোৱা হয়। <ref name="পূৰ্ণানন্দ ভূঞা"/> দিহানাম পৰিৱেশনৰ আদিতে নামতিয়ে ''হৰি এ ৰাম, হৰি ৰাম ৰাম'' বুলি দিহা ঘোষাফাঁকি আৰম্ভ কৰে আৰু নামত অংশ লোৱা সংগীসকলে সেই দিহাফাঁকি দোহাৰে। ইয়াৰ পিছত নামতিয়ে কীৰ্তন, নামঘোষা, দশম, ৰত্নাৱলী আদি কোনো এখন পুথিৰ পৰা পদ দিয়ে আৰু শেষত ''কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়'' ঘোষাৰে সামৰণি মাৰে। <ref name="পূৰ্ণানন্দ ভূঞা"/>
 
==প্ৰসংগ পুথি==
"https://as.wikipedia.org/wiki/দিহানাম"ৰ পৰা অনা হৈছে