ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎পল ৰ'বচনক সাক্ষাৎ: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
110 নং শাৰী:
পল ৰ'বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ-ৰক্ষণশীলতাবিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ'বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ'বছনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল।<ref name="মই এটি যাযাবৰ"/>
 
পল ৰ'বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল— "তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে ছুই গ'ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌।… তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলোঁ‌। "<ref>{{cite web|author=বৰ্ণালী বৰুৱা দাস |url=http://muktosinta.org/otitor-buronji/ |title=নীল নদীৰ পাৰত ফাল্লাহীন,জন আৰু ৰংমনৰ বিননি |publisher=মুক্তচিন্তা |date=২ মাৰ্চ ২০১৬ |accessdate=২৮ এপ্ৰিল ২০২০}}</ref>
 
উল্লেখযোগ্য যে, পল ৰ'বচনৰ '{{Lang|en|We are in the same boat brother}}' গীতটো ভূপেন হাজৰিকাই 'আমি একেখন নাৱৰে যাত্ৰী'ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে।<ref>{{cite web|author=জয়কান্ত শৰ্মা |url=https://janambhumi.in/VFZSVmVVNTZSVDA9/%E0%A6%A10%20%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.html |title=ড॰ ভূপেন হাজৰিকাৰ ৰাজনৈতিক দৰ্শন |publisher=জনমভূমি |date=৪ নৱেম্বৰ ২০১৭ |accessdate=২৮ এপ্ৰিল ২০২০}}</ref>