ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পল ৰ'বচনক সাক্ষাৎ: ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎top: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
27 নং শাৰী:
'''ড॰ ভূপেন হাজৰিকা''' (১৯২৬-২০১১) [[অসম]] তথা [[ভাৰত]]ৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। '''সুধাকণ্ঠ''' নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, [[পশ্চিমবঙ্গ]] তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ [[বাংলাদেশ]]তো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।<ref name="hindu">{{cite newsgroup | url=http://www.thehindu.com/news/national/article2604715.ece | title=Bangladesh Foreign Minister pays tributes to Hazarika | date=November 8, 2011 | accessdate=April 24, 2012 | newsgroup=The Hindu}}</ref> উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। [[অসমীয়া ভাষা|অসমীয়া]], [[বঙালী ভাষা|বঙালী]], [[হিন্দী ভাষা|হিন্দী]], [[ইংৰাজী ভাষা|ইংৰাজী]] আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে [[অসম]]ৰ কলা-সংস্কৃতি জগতৰ প্ৰভুত উন্নয়ন সাধনৰ উপৰিও [[ভাৰত]] তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। [[সংগীত]], [[সাহিত্য]], [[পৰিৱেশ্য কলা]] ({{Lang|en|performing arts}}), [[চলচ্চিত্ৰ]] আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ [[বেলজিয়াম]], কংগো, চমৰখন্দ, [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকা]], [[ইউৰোপ]], [[কানাডা]], [[দক্ষিণ-পূব এছিয়া]], [[জাপান]], [[অষ্ট্ৰেলিয়া]] আদি ভ্ৰমণ কৰিছিল।<ref>{{cite web|url=http://bhupenhazarika.com/bio/index.php |title=Dr. Bhupen Hazarika |publisher=Bhupenhazarika.com |date= |accessdate=2012-12-25}}</ref><ref>https://apps.facebook.com/theguardian/world/2011/nov/06/bhupen-hazarika (৮/৯/২০১১)</ref><ref>{{cite web|url=http://www.dnaindia.com/india/report_assam-rises-in-respect-of-bhupen-hazarika_1609104 |title=Assam rises in respect of Bhupen Hazarika - India - DNA |publisher=Dnaindia.com |date=2011-11-08 |accessdate=2012-12-25}}</ref><ref>http://www.newsbullet.in/movies/25-more/20820-bhupen-hazarika-the-bard-of-brahmaputra</ref>
 
সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান [[অসম ৰত্ন]], ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় [[সংগীত নাটক একাডেমী বঁটা]]ৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান [[দাদা চাহেব ফাল্কে বঁটা]] লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত [[অসম সাহিত্য সভা]]ৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। [[সংগীত নাটক একাডেমী]]ৰ চেয়াৰমেনশ্বেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।<ref>ড॰ ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনপঞ্জী; পৃষ্ঠা: ২৮৪, ২৮৫; অসম সাহিত্য সভা পত্ৰিকা; ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা; ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী: ২০১১-১২ খ্ৰীষ্টাব্দ, ১৯৩৩ শক, ৫৬৩ শংকৰাব্দ</ref>
 
তেওঁ আগবঢ়োৱা অৱদানৰ বাবে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান [[ভাৰত ৰত্ন]] প্ৰদান কৰে।
 
== জন্ম আৰু পৰিয়াল ==