ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎top: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎শৈশৱ আৰু শিক্ষা: বানান শুধৰণি, ব্যাকৰণ শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
46 নং শাৰী:
 
== শৈশৱ আৰু শিক্ষা ==
ড॰ হাজৰিকাই [[ধুবুৰী]], [[গুৱাহাটী]] আৰু [[তেজপুৰ]]ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ [[ভৰলুমুখৰভৰলুমুখ প্ৰাথমিক বিদ্যালয়]]ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত [[কটন মহাবিদ্যালয়]]ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত [[কাশী হিন্দু বিশ্ববিদ্যালয়]]ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত [[ৰাজনীতি বিজ্ঞান]]ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।<ref name="manipurhub1"/> '{{Lang|en|Role of Mass Communication in India's Adult Education}}' (''ৰ'ল অফঅৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন'') বিষয়ত অধ্যয়ন কৰি [[কলম্বিয়া বিশ্ববিদ্যালয়]]ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে [[চিকাগো বিশ্ববিদ্যালয়]]ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে [[চলচ্চিত্ৰ]]ৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল।<ref>{{cite web|url=http://www.bhupenhazarika.com/bio/index.php |title=Dr. Bhupen Hazarika |publisher=Bhupenhazarika.com |date= |accessdate=2012-12-25}}</ref>
 
প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল [[কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|কটন কলেজিয়েট হাইস্কুলৰহাইস্কুল]] শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ।<ref name="মই এটি যাযাবৰ"/>
 
ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত [[বৰগীত]]ৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।<ref name="মই এটি যাযাবৰ"/>
67 নং শাৰী:
===তেজপুৰত শৈশৱকাল===
[[File:Tezpur Govt Boys H.S. School.jpg|thumb|ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰা [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুল]]]]
১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব্ছাব ইন্সপেক্টৰইনস্পেক্টৰ অব্অৱ স্কুলছস্কু্ল্‌ছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব্ছাব-ডেপুটিডেপুটী-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ'ল।<ref name="মই এটি যাযাবৰ"/>
 
১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলতহাইস্কুল]] নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই [[বিষ্ণু ৰাভা]] আৰু [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ সাক্ষাৎ লভে। লগতে [[পাৰ্ৱতি প্ৰসাদ বৰুৱা]], [[পদ্মধৰ চলিহা]] আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়।<ref name="মই এটি যাযাবৰ"/>
 
১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে। গীতটো আছিল:
80 নং শাৰী:
 
===বিষ্ণু-জ্যোতিৰ সান্নিধ্য===
তেজপুৰত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ অধিৱেশনৰ আগে -আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু [[ফণী শৰ্মা]] এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেইসময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদক ককাইদেউ বুলি সম্বোধন কৰিছিল।
 
ভূপেন হাজৰিকা ক্লাছ ছেভেনত। প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। গীত এটাৰ ৰেকৰ্ডিঙৰ বাবে। দেউতাক সন্তামত হ'ল। তাৰপিছত কলিকতালৈ যোৱাৰ আগে-আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুউবখুব আখৰা হ'ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণু প্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা-যাত্ৰা আৰম্ভ হ'ল।<ref name="মই এটি যাযাবৰ"/>
 
কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। [[শোণিত কুঁৱৰী]], আৰু [[জয়মতী কুঁৱৰীৰকুঁৱৰী]]ৰ গীত ৰেকৰ্ডিং হ'ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী 'হিজ্ মাষ্টাৰ্ছ্মাষ্টাৰ্ছ ভয়চভইচ' তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মাতটো সৰু আছিল।<ref name="মই এটি যাযাবৰ"/>
 
ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই 'কাষতে কলচী লৈ', 'উলাহেৰে নাচি বাগি হ'লি বিয়াকুল', 'বিশ্ববিজয়ী ন-জোৱান' আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত ''{{lang|en|Youngest Artist of his Master's Voice of India Record Sangeet}}'' ৰেকৰ্ডে মুক্তি পালে। কভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। নেভী ব্লু ৰঙৰ হাফপেণ্ট, বগা শ্বাৰ্ট, আধা টাই পিন্ধা আৰু সোণৰ মেডেল পিন্ধা ছবি এখন।<ref name="মই এটি যাযাবৰ"/>
 
কলিকতাত গীত ৰেকৰ্ডিং কৰি এদিন ভূপেন হাজৰিকা ঘৰ ওলালহি। তাৰপিছত তেওঁ পৰীক্ষাত বহিল আৰু পাছো কৰিলে। অংকত খুউবখুব কম নম্বৰ পাইছিল। বোধহয় ৩১।<ref name="মই এটি যাযাবৰ"/>
 
== কৰ্মজীৱন ==