ভূপেন হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎শৈশৱ আৰু শিক্ষা: বানান শুধৰণি, ব্যাকৰণ শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
→‎তেজপুৰত শৈশৱকাল: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
67 নং শাৰী:
===তেজপুৰত শৈশৱকাল===
[[File:Tezpur Govt Boys H.S. School.jpg|thumb|ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰা [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুল]]]]
১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব ইনস্পেক্টৰ অৱ স্কু্ল্‌ছস্কুল্‌ছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব-ডেপুটী-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ'ল।<ref name="মই এটি যাযাবৰ"/>
 
১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুল]]ত নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই [[বিষ্ণু ৰাভা]] আৰু [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ সাক্ষাৎ লভে। লগতে [[পাৰ্ৱতি প্ৰসাদ বৰুৱা]], [[পদ্মধৰ চলিহা]] আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়।<ref name="মই এটি যাযাবৰ"/>