তুলা আৰু তেজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
26 নং শাৰী:
 
== সাধুৰ সাৰাংশ==
চহকী খেতিয়ক এজনৰ দুজনী ঘৈণীয়েক লাগী আৰু এলাগী। লাগীৰ জীয়েক তুলা আৰু এলাগীৰ জীয়েক তেজা। লাগীয়ে নিমাখিত সতিনীয়েকক আৰু তাইৰ জীয়েক তেজা আৰু পুতেক কানাইক সমুলি দেখিব নোৱাৰে। সেয়েহে এদিন মাছ মৰাৰ চলেৰে মাতি নি লাগীয়ে সতিনীয়েকক পুখুৰীত গতিয়াই মাৰি পেলালে। এলাগীয়ে তাতে বৰকাছ হৈ থাকিল।
 
লাগীয়ে নিজৰ জীয়েকক একো কাম-বন কৰিব নিদিয়ে; কিন্তু তেজা আৰু কানাইক গৰু চৰাবলৈ পঠায়। খাব ববও ভালকৈ নিদিয়ে। ইফালে তেজা আৰু কানায়ে গৰু চৰাবচৰাবলৈ যাওঁতে বৰকাছৰূপী এলাগীয়ে পুখুৰীৰ পৰা উঠি আহি সুস্বাদু বস্তু খাবখাবলৈ দিয়ে। ঘটনাক্ৰমে লাগীয়ে এলাগীৰ নতুন ৰূপৰ সম্ভেদ পোৱাত বৰভোজ পতাৰ চলেৰে বৰকাছজনীকো মৰালে। তেজা আৰু কানায়ে কাছজনীৰ আগঠেং দুটা পুখুৰীৰ পাৰত পুতি থলে। তাতে জন্ম পালেহ'ল এজোপা জৰা টেঙাৰ গছ।
 
বাটেৰে গৈ থাকোঁতে সেই জৰা টেঙা এদিন ৰজাই খালে আৰু তেজাক বিয়া কৰাই অন্তেষপুৰলৈ লৈ গ'ল।
 
তেজাৰ এনে সুখ দেখি লাগী ঈৰ্ষাত ৰবৰ'ব নোৱাৰোনোৱাৰা হ'ল। এদিন সতিয়া জীয়েকক লাগীয়ে বুদ্ধিৰে মাতি আনি মন্ত্ৰপুতঃ শলা মূৰত গুছি তেজাক শালিকালৈ ৰূপান্তৰ কৰিলে আৰু নিজৰ জীয়েক তুলাক তেজাৰ সাজেৰে ৰজাৰ হাউলিলৈ পঠিয়াই দিলে। শালিকাজনীও উৰি গৈ ৰজাৰ হাউলি পালে। দুয়োজনী ছোৱালীৰ চেহেৰাৰ মিল থকা গুণে ৰজাই তুলাক তেজা বুলিয়ে ভাবি ললে।ল'লে।
 
শালিকাজনীৰ হাব-ভাব দেখি সেয়া যে কোনোবা আপোনজনহে, তাত ৰজা পতিয়ন গ'ল। চৰাইজনী মৰম কৰি থাকোঁতে মন্ত্ৰপুতঃ শলাডাল হাত লগাত উলিয়াই আনোঁতে তেজাই পুনৰ আগৰ ৰূপ পালে।
 
ৰজাই মাহীয়েকৰ এনে নীচ চক্ৰান্ত দেখি খঙত একোনাই হৈ তুলাক বধ কৰি টোমত ভৰাই পহুৰ মঙহ বুলি লাগীলৈ দি পঠিয়ালে আৰু তেজাৰ লগত সুখে-সন্তোষে সংসাৰ কৰি থাকিল।<ref name="source">{{cite web | url=https://as.wikisource.org/wiki/তুলা_আৰু_তেজা | title=তুলা আৰু তেজা | publisher=Assamese Wikisource | accessdate=12 February 2021}}</ref>