ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: মেনুৱেল ৰিভাৰ্ট উলটিওৱা হৈছে
No edit summary
টেগ্‌: উলটিওৱা হৈছে
1 নং শাৰী:
{{Please leave this line alone (sandbox heading)}}
<!-- এই শাৰীটোৰ তলত লিখক। -->হেঁতা
কমলা দাস ভাৰতীয় ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ মহিলা কবি৷ কমলা দাসৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৩১ মাৰ্চ তাৰিখে কেৰালাৰ থ্ৰিচুৰ জিলাৰ অন্তৰ্গত পুন্নয়ুৰকুলামত৷ তেওঁৰ দেউতাক ভি. এম.নায়াৰ মালয়ালম ভাষাৰ বহুপ্ৰচলিত দৈনিক বাতৰি কাকত মৰুভূমিৰ মুখ্য সম্পাদক আছিল আৰু মাক নালাপ্পাত বালামানি মালয়ালম সাহিত্যৰ এগৰাকী জনপ্ৰিয় কবি আছিল৷ কমলা দাসক কমলা সুৰয়য়া আৰু কমলা মাধৱীকুত্তি নামেৰেও জনা যায়৷ মাত্ৰ ১৫ বছৰ বয়সতে কমলা দাসৰ বিবাহ মাধৱ দাস নামৰ বেংক বিষয়া এজনৰ লগত হৈছিল৷ মাধৱ দাসে তেওঁক লিখিবলৈ প্ৰেৰণা যোগাইছিল৷ লিখাৰ প্ৰতি কমলাৰ আগ্ৰহ কমলাৰ সৰুৰে পৰাই আছিল৷ মাধৱ দাসৰ পৰা প্ৰেৰণা পায়েই কমলা দাসে ইংৰাজী আৰু মালয়ালম দুয়োটা ভাষাতে লিখিবলৈ আৰম্ভ কৰিছিল৷ মালয়ালম সাহিত্যত তেওঁ কাহিনী আৰু আত্মজীৱনীৰ কাৰণে প্ৰখ্যাত আছিল৷কিন্তু ইংৰাজী সাহিত্যত আত্মজীৱনীৰ লগতে কবিতাৰ কাৰণে জনপ্ৰিয় আছিল৷ ইংৰাজী ভাষাত কমলা দাসে মুঠ ২৩ টা কবিতা লিখিছে৷ এই কবিতা কেইটি হ’ল---Words, A losing battle, An introduction.Annette, Forest fire, In love,krishna, Love, My grandmaster's houze. punishment in kindergarten, Relationship, Summer in calcutta, The dance od the eunuchs. The freaks, The looking glass, The stone age, The suicide, The sunshine cat, Winter.
কমলা দাসৰ এই কবিতাসমূহ দুখন কবিতা গ্ৰন্থত সন্নিৱিষ্ট হৈ আছে--'Summer in calcutta' আৰু 'The descendants'৷
কমলা দাসক আধুনিক ভাৰতীয় ইংৰাজী কবিতাৰ মাতৃ আখ্যা দিয়া হয়৷ প্ৰেম আৰু যৌনতাৰ মুক্ত প্ৰকাশ ঘটিছে তেওঁৰ কবিতাসমূহত৷ নাৰীসকলকো পুৰুষৰ দৰেই সুখ-দুখ, আশা-আকাংক্ষা, আৱেগ আদিৰে পূৰ্ণ মানৱ হিচাপে অংকিত কৰিছে কমলা দাসে তেওঁৰ কবিতাসমূহত৷ বিবাহৰ পিছত কেৱল ঘৰুৱা কাম-কাজতে সীমিত মহিলাখিনিক এখন মুক্ত আকাশ দেখুৱাৰ প্ৰয়াস কৰিছে কবিতাসমূহৰ মাজেৰে৷তেওঁ এগৰাকী নিৰ্ভীক কবি আছিল, যিগৰাকীয়ে নাৰী মনস্তত্ত্বক মুকলিকৈ প্ৰকাশ কৰিবলৈ লজ্জাবোধ কৰা নাছিল৷