এছিয়াৰ শংকু আকৃতিৰ শিৰোধান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
9 নং শাৰী:
এছিয়াৰ শংকু আকৃতিৰ শিৰোধানসমূহ সমগ্ৰ এছিয়াতে মূলতঃ ৰ'দ-বৰষুণৰ পৰা সুৰক্ষা লাভৰ বাবে ব্যৱহাৰ কৰা হয়। যিসমূহ শিৰোধান ধানখেৰ, নৰা বা অন্যান্য বোৱা সামগ্ৰীৰে তৈয়াৰ কৰা হয় সেইসমূহক পানীত ডুবাই ৰাখিব পাৰি আৰু এক শীতলীকৰণ সঁজুলি হিচাপে পৰিধান কৰিব পাৰি।<ref>{{cite web |url=http://www.nguyentientam.com/conicalhat.html |title=Conical Hats |publisher=Nguyentientam.com |access-date=2012-05-23}}</ref> পৰম্পৰাগতভাৱে ভিক্ষাৰ সন্ধানত তীৰ্থযাত্ৰী আৰু বৌদ্ধ ভিক্ষুসকলে এই শিৰোধান পিন্ধে বাবে ই পূব এছিয়াত, বিশেষকৈ জাপানত বৌদ্ধ ধৰ্মৰ প্ৰতীক হিচাপেও বহুলভাৱে জনাজাত। এনে শিৰোধান পৰিধান কৰাসকলৰ ভিতৰত জাপানৰ [[ছামুৰাই]]সকল আছিল অন্যতম আৰু ইয়াক জিংগাছা অৰ্থাৎ ভ্ৰমণকাৰী টুপী বা কাছা বুলি জনা গৈছিল।
 
ফিলিপাইনছৰ ছালাকোট সাধাৰণতে শংকুৰ পৰিৱৰ্তে এক জোঙা আকৃতিৰ ফিনিয়াল বা শীৰ্ষৰ সৈতে একপ্ৰকাৰৰ শিৰোধান। মূলভূমিৰ অধিকাংশ এছিয়ান শংকু শিৰোধানত থকা থুঁ‌তৰিত লগোৱা ফিতাৰ উপৰিও ভিতৰফালে এক শিৰাধাৰৰ দ্বাৰা ছালাকোটত সংযুক্ত হৈ থাকে। ইয়াক বাঁহ, বেত, নিটো বা জাপানী কপৌ ঢেঁকীয়া, জাতিলাও, তালজাতীয় গছৰ পাত, মেংগ্ৰোভজাতীয় গছৰ পাত, [[জহাকেতেকী]]ৰ পাত, আৰু কাৰাবাওৰ (ম'হ) শিঙকে ধৰি বিভিন্ন সামগ্ৰীৰ পৰা তৈয়াৰ কৰিব পাৰি। সাধাৰণতে ইয়াৰে সাধাৰণ প্ৰকাৰটো কৃষকসকলে পৰিধান কৰে। কিন্তু প্ৰাক-ঔপনিৱেশিক যুগত অভিজাত লোকসকলে গহনা, মূল্যৱান ধাতু বা কাছৰ খোলাৰচলঙৰ সৈতে অলংকৃত শিৰোধান নিৰ্মাণ কৰিছিল। এইসমূহ পৰিয়াল একোটাৰ ভিতৰত পিছৰ প্ৰজন্মসমূহৰ উত্তৰাধিকাৰ থকা সামগ্ৰী বুলি গণ্য কৰা হয়।<ref name="Peralta">{{cite book |last1=Peralta |first1=Jesus T. |title=Salakot and Other Headgear |date=2013 |publisher=National Commission for Culture and the Arts (NCCA) & Intangible Cultural Heritage in the Asia-Pacific Region (ICHCAP), [[UNESCO]] |page=232 |url=https://www.unesco-ichcap.org/eng/ek/sub3/pdf_file/domain5/095_Salakot_and_Other_Headgear.pdf}}</ref><ref name="Nocheseda">{{cite web |last1=Nocheseda |first1=Elmer I. |title=The Filipino And The Salacot |url=https://www.tagalog-dictionary.com/articles/the-filipino-and-the-salacot |website=Tagalog Dictionary |access-date=3 March 2020}}</ref>
 
ছালাকোট সাধাৰণতে স্পেনিছ ঔপনিৱেশিক সেনাৰ স্থানীয় সৈন্যসকলেও পৰিধান কৰিছিল। অষ্টাদশ শতিকাৰ আৰম্ভণিতে স্পেনিছ সৈন্যই তেওঁলোকৰ দিগ্বিজয়ৰ ইউনিফৰ্মৰ অংশ হিচাপে ইয়াক গ্ৰহণ কৰিছিল। এনে কৰোঁ‌তে ছালাকোট স্পেইনৰ পিথ হেলমেটৰ প্ৰত্যক্ষ পূৰ্বসূৰী হৈ পৰে। এতিয়াও স্পেনিছ আৰু ফৰাচী ভাষাত পিট হেলমেটক ছালাকট বা চেলাক্কো বুলি কোৱা হয়।<ref name="pais">{{cite news|url=https://elpais.com/elpais/2013/12/05/icon/1386262369_386718.html|title=La romántica elegancia de Salacot|first=Jacinto|last=Antón|newspaper=El País|date=5 December 2013|access-date=3 May 2018|via=elpais.com|url-status=live|archive-url=https://web.archive.org/web/20170403231049/http://elpais.com/elpais/2013/12/05/icon/1386262369_386718.html|archive-date=3 April 2017}}</ref>
17 নং শাৰী:
চীনত এনে শিৰোধান সাধাৰণতে কৃষকসকলৰ সৈতে জড়িত আছিল। আনহাতে মাণ্ডাৰিনসকলে বিশেষকৈ শীতকালত অধিক টান বৃত্তাকাৰ শিৰোধান পিন্ধিছিল।<ref>{{Cite EB1911|wstitle= Mandarin |volume= 17 | pages = 558&ndash; 559; see page 558; lines 3 to 5 |quote= The term “mandarin” is ...[applied]... only to those who are entitled to wear a “button,” which is a spherical knob, about an inch in diameter, affixed to the top of the official cap or hat}}</ref>
 
একেদৰে ভাৰত আৰু বোৰ্নিঅ'ত সাধাৰণ লোকসকলে তেওঁলোকৰ দৈনন্দিন কামৰ সময়ত এনে শিৰোধান পিন্ধিছি।পিন্ধিছিল। কিন্তু উৎসৱ বা নৃত্যৰ বাবে অধিক আলংকাৰিক ৰঙীন শিৰোধানৰ ব্যৱহাৰ কৰা হৈছিল। আনহাতে [[অসম]]ত ইয়াক সজ্জা হিচাপে চ'ৰাঘৰত আঁ‌ৰি দিয়া হয় বা বিশেষ অনুষ্ঠানত উচ্চ শ্ৰেণীৰ লোকসকলক পিন্ধোৱা হয়।
==তথ্য সংগ্ৰহ==
{{Reflist}}