ছিলভিয়া প্লাথ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সংযোগ
তথ্য সংযোগ
49 নং শাৰী:
পৰৱৰ্তী ছয় মাহ তেওঁ মানসিক চিকিৎসালয়ত অতিবাহিত কৰিছিল, য’ত তেওঁক অধিক বৈদ্যুতিক আৰু ইনচুলিন শ্বক দিয়া হৈছিল।<ref name="ODNB"/> মেকলিন চিকিৎসালয়ত তেওঁৰ থকাৰ খৰছ আৰু তেওঁৰ স্মিথ স্ক'লাৰশ্বিপ অলিভ হিগিন্স প্ৰুটিয়ে পৰিশোধ কৰিছিল, যি নিজে মানসিক ভাঙনৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছিল। প্লাথে আৰোগ্য লাভ কৰা যেন ভাৱ হোৱাত মহাবিদ্যালয়লৈ উভতি আহিছিল।
 
১৯৫৫ চনৰ জানুৱাৰী মাহত স্মিথেপ্লাথে তেওঁৰ গৱেষণাপত্ৰ ''The Magic Mirror: A Study of the Double in Two of Dostoyevsky's Novels'' জমা দিয়ে আৰু জুন মাহত তেওঁ স্মিথৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
 
নিউনহাম কলেজত পঢ়িবলৈ তেওঁ ফুলব্ৰাইট ছাত্ৰবৃত্তি লাভ কৰিছিল, এই কলেজখন ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেৱল মহিলাৰ বাবে থকা দুখন কলেজৰ এখন আছিল- য’ত প্লাথে সক্ৰিয়তাৰে কবিতা লিখিবলৈ আৰম্ভ কৰিলে।কৰিছিল। ছাত্ৰসমাজৰ সংবাদপত্ৰ ''ভাৰ্চিটি''ত এইবোৰ প্ৰকাশ হৈছিল। নিউনহামত প্লাথে দৰথী ক্ৰুকৰ সৈতে অধ্যয়ন কৰিছিল। দৰথীক তেওঁ বৰ সন্মানৰ চকুৰে চাইছিল।<ref>Peel (2007) p. 44</ref> তেওঁ শীত আৰু গ্ৰীষ্মৰ চুটিবোৰ ছিলভিয়াই ইউৰোপৰ চতুৰ্দিশে ভ্ৰমণ কৰি পাৰ কৰিছিল।<ref name="ODNB"/>
 
===বিবাহ আৰু কৰ্মজীৱন===
১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰীত প্লাথে তেওঁৰ স্বামী কবি টেড হিউজক প্ৰথমবাৰৰ বাবে লগ পাইছিল। একে বছৰৰে ১৬ জুন তাৰিখে তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পাছত দ্বিতীয় বৰ্ষৰ অধ্যয়নৰ বাবে প্লাথ নিউনহামলৈ উভতি আহে।<ref name="ODNB"/>
 
১৯৫৭ চনত প্লাথ আৰু হিউজ আমেৰিকা যুক্তৰাজ্যলৈ আহে আৰু প্লাথে তেওঁ অধ্যয়ন কৰা স্মিথ কলেজত অধ্যাপক হিচপে যোগদান কৰে। কিন্তু অধ্যাপনাৰ সমান্তৰালকৈ লিখিবলৈ সময় আৰু শক্তি গোটাবলৈ প্লাথ অসুবিধাত পৰে<ref name="Kirk-xix">Kirk (2004) p. xix</ref> আৰু ১৯৫৮ চনৰ মধ্যভাগত পৰিয়ালটো বষ্টনলৈ যায়। তাতে ছিলভিয়াই মাচাচুচেটছৰ এখন সাধাৰণ চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ৰিচেপচনিষ্ট হিচাপে চাকৰি কৰিছিল আৰু সন্ধিয়া কবি ৰবাৰ্ট ল’ৱেলৰ সৃষ্টিশীল লেখনিৰ আলোচনা চক্ৰসমূহত অংশগ্ৰহণ কৰিছিল। এই আলোচনা চক্ৰসমূহত লেখক এন ছেক্সটন আৰু জৰ্জ ষ্টাৰ্বাকো উপস্থিত আছিল।<ref name="Kirk-xix"/>
 
ল’ৱেল আৰু ছেক্সটন দুয়োজনে প্লাথক তেওঁৰ অভিজ্ঞতাৰ পৰা লিখিবলৈ উৎসাহিত কৰিছিল আৰু প্লাথে তাকেই কৰিছিল। প্লাথে ল’ৱেলৰ সৈতে হতাশা আৰু ছেক্সটনৰ সৈতে নিজৰ আত্মহত্যাৰ প্ৰচেষ্টাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল, আৰু অধিক মহিলাৰ দৃষ্টিকোণৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল। প্লাথে নিজকে প্ৰকৃত, মনোযোগী কবি আৰু চুটি গল্প লেখক হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল।<ref name="ODNB"/> এই সময়তে প্লাথ আৰু হিউজে প্ৰথমে কবি ডব্লিউ এছ মাৰ্উইনক লগ পায়, যি তেওঁলোকৰ কামৰ প্ৰশংসা কৰে আৰু আজীৱন বন্ধু হৈ থাকে।<ref>Helle (2007){{page needed|date=July 2017}}</ref> প্লাথে ডিচেম্বৰত ৰুথ বিউচাৰৰ সৈতে কাম কৰি মনোবিশ্লেষণমূলক চিকিৎসা পুনৰ আৰম্ভ কৰে।<ref name="ODNB"/>
[[File:Chalcot Square - geograph.org.uk - 1005457.jpg|thumb|right|১৯৫৯ চনত, লণ্ডনৰ প্ৰাইমৰ’জ হিলৰ ওচৰৰ চালক’ট স্কোৱেৰত থকা প্লাথ আৰু হিউজৰ আৱাস গৃহ]]
==কৰ্মপঞ্জী==
===কাব্য সংকলন===