গাও চ্যিংজিয়ান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox writer | name = গাও চ্যিংজিয়ান | genre = এবছাৰ্ডিজিম | website = | children = | spouse = ৱেং চুৱেজুন (王学筠); divorced | notableworks = ''এবচ্যলিউট ছিগনেল'' (১৯৮২)<br>''দ্য বাছ ষ্টপ '' (১৯৮৩)<br>''ৱাইল্ড মেন'' (১৯৮৫)<br>''দ্য আডাৰ শ্ব’ৰ'' (১৯৮৬)<br>''...
(কোনো পাৰ্থক্য নাই)

14:54, 21 November 2021ৰ সংস্কৰণ

গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, ইংৰাজী: Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা[2] émigré ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচলক আৰু অনুবাদক ২০০০ চনত “সাৰ্বজনীন বৈধতা, সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু ভাষিক নিৰ্মান কুশলতা”ৰ বাবে সাহিত্যৰ ন’বেল বঁটা প্ৰদান কৰা হয়[1] তেওঁ এগৰাকী বিখ্যাত অনুবাদক, চিত্ৰনাট্যকাৰ, মঞ্চনাট পৰিচালক আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী।

গাও চ্যিংজিয়ান

২০১২ চনত গাও
জন্ম ৪ জানুৱাৰী, ১৯৪০ (৮৪ বছৰ)
গুৱানজ’, জিয়াংচ্যি, চীন
পেচা
  • ঔপন্যাসিক
  • নাট্যকাৰ
  • সমালোচক
  • অনুবাদক
  • চিত্ৰনাট্যকাৰ
  • পৰিচালক
  • চিত্ৰশিল্পী
ভাষা চীনা[1]
নাগৰিকত্ব  চীন (1940–49)
 চীন (1949–98)
 ফ্ৰান্স (since 1998)
মাতৃশিক্ষায়তন বেইজিং ফ’ৰেইন ষ্টাডিজ ইউনিভাৰচিটি
ধৰণ এবছাৰ্ডিজিম
উল্লেখনীয় কৰ্মৰাজি এবচ্যলিউট ছিগনেল (১৯৮২)
দ্য বাছ ষ্টপ (১৯৮৩)
ৱাইল্ড মেন (১৯৮৫)
দ্য আডাৰ শ্ব’ৰ (১৯৮৬)
চউল্‌ মাউন্টেইন (১৯৯০)
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন’বেল বঁটা
(২০০০)
দাম্পত্যসংগী ৱেং চুৱেজুন (王学筠); divorced

তেওঁৰ জন্মস্থান চীনত গাওৰ নাটকক মৌলিকভাৱে অযৌক্তিক প্ৰকৃতিৰ আৰু ‘প্ৰগতিৰ পুৰোধা’ বুলি গণ্য কৰা হয়। এবচ্যলিউট ছিগনেল (১৯৮২) চীনা পৰীক্ষামূলক থিয়েটাৰত এক সফলতা আছিল। দ্য বাছ ষ্টপ (১৯৮৩) আৰু দ্য আডাৰ শ্ব’ৰৰ (১৯৮৬) প্ৰযোজনা চীনা চৰকাৰে বন্ধ কৰিছিল, প্ৰশংসিত ৱাইল্ড মেন (১৯৮৫) চীনত ৰাজহুৱাভাৱে প্ৰদৰ্শিত তেওঁৰ অন্তিম কাম। তেওঁ ১৯৮৭ চনত দেশ ত্যাগ কৰে আৰু দ্য আডাৰ শ্ব’ৰ পৰা তেওঁৰ নাটকসমূহ ক্ৰমবৰ্দ্ধমান ৰূপে সাৰ্বজনীন (চীনাৰ সলনি) উদ্বেগৰ ওপৰত কেন্দ্ৰীভূত হয়, কিন্তু তেওঁৰ ১৯৮৯ চনৰ নাটক এক্সাইলে চীন আৰু বুদ্ধিজীৱীৰ চিত্ৰণৰ বাবে চীনা চৰকাৰ আৰু ‘বিদেশী গণতন্ত্ৰ আন্দোলন’ -উভয়ৰে ৰোষৰ বলি হৈছিল। ১৯৯৮ চনত তেওঁক ফৰাচী নাগৰিকত্ব প্ৰদান কৰা হয়।

গাওৰ প্ৰভাৱৰ ভিতৰত আছে ধ্ৰুপদী চীনা অপেৰা, লোক সংস্কৃতি, আৰু বিংশ শতিকাৰ ইউৰোপীয় নাটক যেনে এণ্টনিন আৰ্টআউড। ১৯৮৭ চনত, তেওঁ কৈছিল যে, এজন লেখক হিচাপে তেওঁক প্ৰাচাত্য আৰু প্ৰাচ্য সংস্কৃতিৰ মিলনবিন্দু ৰূপত ৰাখিব পাৰি। অৱশ্যে তেওঁ এজন অতি অন্তৰ্মুখী ব্যক্তি আৰু পিছত তেওঁ দাবী কৰিছিল যে, "ৰাজনীতি বা সাহিত্যত যিয়েই নহওঁক কিয় , মই কোনো দল বা সংগঠনত বিশ্বাস নকৰোঁ বা এইবোৰ একোৰে সৈতে সম্পৰ্ক নাৰাখোঁ, জাতীয়তাবাদ আৰু দেশপ্ৰেমো ইয়াৰ অন্তৰ্ভুক্ত।" তেওঁৰ গদ্য ৰচনাবোৰ চীনত কমকৈ প্ৰচলিত; কিন্তু ইবোৰ ইউৰোপ আৰু পশ্চিমৰ আন ঠাইত উচ্চ ভাৱে প্ৰশংসিত। ন’বেল বঁটা ঘোষণাত চ্যিংজিয়ানৰ চউল্‌ মাউন্টেইন ৰ উল্লেখ বিশেষভাৱে কৰা হৈছিল।

তথ্যসূত্ৰ

  1. 1.0 1.1 "The Nobel Prize in Literature 2000". Nobelprize. October 7, 2010. http://nobelprize.org/nobel_prizes/literature/laureates/2000/। আহৰণ কৰা হৈছে: October 7, 2010. 
  2. "The Nobel Prize for Literature 2000". Nobelprize.org. https://www.nobelprize.org/nobel_prizes/literature/laureates/2000/press.html. "The Nobel Prize in Literature for 2000 goes to the Chinese writer Gao Xingjian "for an œuvre of universal validity, bitter insights and linguistic ingenuity, which has opened new paths for the Chinese novel and drama"."