ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শুধৰণি
1 নং শাৰী:
[[File:Joli Rumi Borah.jpg|thumb|200px]]
অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজুৰাদশকজোৰা সম্পৰ্ক৷ আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলো এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা [[ঢকুৱাখনা]]ৰ বিষয়ে৷ পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইন্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি- লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে৷ সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট৷ অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা সম্পৰ্কৰ বাট!
 
বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কইও নতুন ৰূপ ল’লে৷ সময়ৰ লগে লগে মোৰ [http://joliborah.blogspot.com/2015/03/blog-post.html ৱিকি আসক্তি] কেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল [[ৱিকিউৎস]] আদিলৈকো বিয়পিল৷ এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লো, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালো৷ লগতে চিনাকি হ’লো অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিৰলস অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে৷ দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ, প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰে অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ৷ ৱিকিপিডিয়াৰ জড়িয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলো৷