অসমীয়া ভাষা আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
১৯০৩-০৫ চনত বংগ ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাইছৰয় লৰ্ড কাৰ্জনৰ বংগক বিভাজিত কৰি পশ্চিমে হিন্দু অধ্যুষিত অঞ্চল আৰু পূবে মুছলমান অধ্যুষিত অঞ্চলত ভাগ কৰা সিদ্ধান্তৰ বাবে দুয়োপক্ষৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই সিদ্ধান্ত মৰ্মে অসম প্ৰদেশক মুছলমান সংখ্যাগৰিষ্ঠ থকা পূৰ্ব বংগৰ লগত সংযোগ কৰা বাবে অসমীয়া লোকসকলেও ইয়াৰ বিৰোধিতা কৰিছিল।<ref>Kalita Ramesh C., Situating Assamese Middle Classes, the Colonial Period, Bhabani Prints and Publications, Guwahati, 2011.</ref> এই সিদ্ধান্ত ১৯১২ চনত উঠাই লোৱা হয় আৰু অসমক পূৰ্বৰ চীফ কমিছনাৰ প্ৰভিন্সৰ ঘূৰাই দিয়া হয়।
==চৰকাৰী ভাষা আন্দোলন==
{{main|চৰকাৰী ভাষা আন্দোলন (অসম)}}
ভাৰতৰ স্বাধীনতাৰ পিছত, ১৯৫০ চনৰে পৰা অসমত [[অসমীয়া ভাষা]]ক চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবী উত্থাপন হৈ আহিছিল যদিও [[ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬]] গৃহীত হোৱাৰ পিছত এই দাবী প্ৰবল হয়।<ref>"Explainer: The reorganization of states in India and why it happened"</ref> [[ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচী]]ত অসমীয়া ভাষা অন্তৰ্ভুক্তিয়ে দাবীদাৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিছিল। [[অসম সাহিত্য সভা]]ই অসমীয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি দুটা প্ৰস্তাৱ গৃহীত কৰে, এটা ১৯৫০ চনত আৰু আনটো ১৯৫৯ চনত।<ref name=":0" /> ১৯৫৯ চনৰ এপ্ৰিল মাহত গ্ৰহণ কৰা প্ৰস্তাৱত অসমত অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবীত তাৎক্ষণিক ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তদানীন্তন প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৱে [[গুৱাহাটী বিশ্ববিদ্যালয়]] ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও একেই দাবী উত্থাপন কৰে। ২২ এপ্ৰিলত [[ভাৰতীয় জাতীয় কংগ্ৰেছ|অসম প্ৰদেশ কংগ্ৰেছ কমিটি]]য়ে ইয়াৰ সমৰ্থনত প্ৰস্তাৱ গৃহীত কৰে। ছাত্ৰ-ছাত্ৰীসকলে একে উদ্দেশ্যতে শোভাযাত্ৰা, ধৰ্মঘট আৰু সভাৰ আয়োজন কৰে।<ref>{{Cite book|title=Student Movements inAssam|last=Deka|first=M.|publisher=Vikas Publishing House|year=1996}}</ref>