লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
57 নং শাৰী:
* এপ্লিকেশ্যন চফ্টৱেৰ
=== কাৰ্নেল আৰু ডিভাইচ ড্ৰাইভাৰ ===
লীনাক্স [[কাৰ্নেল]] দুটা ধাৰাত পোৱা যায় – SYSV আৰু BSD । দুইধৰণৰ কাৰ্নেলেই মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমেত হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰানৰাণ কৰা হয়।
 
কোনো কোনো সাধন – বিশেষকৈ প্ৰিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্নেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়। এইবোৰ সাধাৰণতে ডিভাইচবোৰ তৈয়াৰ কৰা কোম্পানীবোৰেই যোগান ধৰে। বুটিঙৰ সময়তে কাৰ্ণেলে কম্পিউটাৰৰ হাৰ্ডৱেৰ ডিভাইচবোৰ বা অন্যান্য সংসাধনবোৰৰ অনুসন্ধান কৰি উপযুক্ত ড্ৰাইভাৰবোৰ ল'ড কৰে। ল'ড কৰাৰ দুইধৰণৰ উপায় আছে - ড্ৰাইভাৰ বোৰ কাৰ্ণেলৰ লগতে কম্পাইল কৰি কাৰ্ণেলৰ লগতে যোগ কৰি,অথবা মডিউল হিচাবে কাৰ্ণেলৰ লগত প্ৰয়োজন অনুসৰী বাহিৰৰ পৰা ল'ড কৰা। প্ৰথম উপায়টো সাধাৰণতে য'ত সৰু বা তড়িৎ প্ৰতিক্ৰিয়াযুক্ত কাৰ্ণেল-অৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত যেনে ঔদ্যোগিক যন্ত্ৰৰ পৰিচালনা আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অন্যথা বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় উপায় ব্যৱহাৰ কৰা হয়। এনে কৰিলে ভোক্তাই বুটিঙৰ সময়ত ড্ৰাইভাৰবোৰ ল'ড নকৰি প্ৰয়োজন অনুসৰী ল'ড বা আনল'ড কৰে।
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে