ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{অনুবাদ}}
[[Image:Colonne distillazione.jpg|thumb|right|250px|ৰাসায়নিক অভিযন্তাসকলে কাৰখানাসমূহ ডিজাইন, নিৰ্মাণ আৰু পৰিচালিত কৰে]]
'''ৰাসায়নিক অভিযান্ত্ৰিকী''' ({{lang-en|Chemical Engineering}}, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান ([[ৰসায়ন বিজ্ঞান]] আৰু [[পদাৰ্থ বিজ্ঞান]]), জৈৱ বিজ্ঞান ([[জীৱবিজ্ঞান]], [[অণুজীৱবিজ্ঞান]], [[জৈৱ ৰসায়ন]])ৰ সতে [[গণিতবিদ্যা]] আৰু [[অৰ্থনীতি]]ৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ, শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ [[নেন'প্ৰযুক্তি]], [[ইন্ধন কোষ]] আৰু [[জৈৱ অভিযান্ত্ৰিকী]] বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়।
 
==বুৎপত্তি==
==Etymology==
[[File:Davis GE.jpg|thumb|150px|জৰ্জ ই.ডেভিচ্‌]]
 
১৯৯৬ৰ ''ব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্স''ত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত [[ছালফিউৰিক এচিড]] উৎপাদন সম্পৰ্কত [[ৰাসায়নিক অভিযান্ত্ৰিকী]]ৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে [[জৰ্জ ই. ডেভিছ]], এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়। ''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল। ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত '[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।