গুণাভিৰাম বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎সাহিত্যিক জীৱন: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
46 নং শাৰী:
 
==সাহিত্যিক জীৱন==
অসমীয়া আলোচনী "[[অৰুণোদয়]]"ৰ পাতত গুণাভিৰাম বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে<ref name=datta></ref>। তাত তেখেতে নাৰী শিক্ষা আৰু বিবাহ সংস্কাৰৰ ওপৰত কিছু প্ৰবন্ধ লিখিছিল। ১৮৫৭ চনত তেখেতৰ প্ৰথম নাটক "[[ৰাম-নৱমী]]"ৰ পৰাই আধুনিক অসমীয়া নাট্য সাহিত্যৰ ধাৰা আৰম্ভ হয়। "ৰামচন্দ্ৰ" আৰু "নৱমী" নামৰ দুটা মুখ্য চৰিত্ৰ লৈ লিখা এই নাটৰ মূল বিষয়বস্তু আছিল বিধবা বিবাহ<ref name=satya></ref>। বিবাহ সংস্কাৰৰ সপক্ষে চলা আন্দোলনক ই যথেষ্ট ইন্ধন যোগায় আৰু ১৮৫৮১৮৫৬ চনত ব্ৰিটিছ চৰকাৰে বিধবা বিবাহৰ সপক্ষে আইনী ৰায় দিয়ে<ref name=datta></ref>। ১৮৮৬ চনত লিখা তেখেতৰ আন এখন সামাজিক নাটক আছিল "বিবাহ ৰহস্য" য'ত কানি-আসক্ত অসমীয়া মানুহৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছিল। কিন্তু এইখন নাট সম্পূৰ্ণ নহ'ল।
 
১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই "[[আসাম বন্ধু]]" নামৰ এখন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াতো তেখেতৰ আৰু আন প্ৰবন্ধকাৰৰ বহু ৰচনা প্ৰকাশ পাইছিল<ref name=nali></ref>। তেখেতে প্ৰথম অসমীয়া জীৱনী "[[আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ]]" ১৮৮০ চনত লিখি উলিয়ায়<ref name=nali></ref>। তেখেতৰ আন এক গুৰুত্বপূৰ্ণ অৱদান আছিল ১৮৮৪ চনত লিখা [[আসাম বুৰঞ্জী]] য'ত প্ৰাচীন কালৰ পৰা অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে ঘটনাৱলী বৰ্ণনা কৰা হৈছে<ref name=datta></ref>। মৃত্যুৰ পিছত ১৯১২ চনত প্ৰকাশ পোৱা "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা" এখন হাস্যৰসাত্মক পুথি<ref name=nali></ref>। তদুপৰি তেখেতে "[[জোনাকী]]" আলোচনীত "সৌমাৰ ভ্ৰমণ", "অলিখিত বুৰঞ্জী" আদি প্ৰবন্ধ সহজ-সৰল ভাষাৰে লিখি গৈছে<ref name=nali></ref>।