নাগৰিকত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:1F:1C08:0:0:1D93:B1 (আলোচনা)-ই কৰা 266149 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
1 নং শাৰী:
'''নাগৰিকত্ব''' ({{Lang-en|Citizenshipcitizenship}}) হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব [[আইন]]ৰ অধীনত প্ৰদান কৰা সদস্যপদ। [[ৰাষ্ট্ৰসংঘ]]ৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ [[ৰাজনীতি]]ত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ. মাৰ্চালে নাগৰিকত্বৰ সম্পৰ্কে কৈছে, "নাগৰিকত্ব সেইসকল ব্যক্তিক প্ৰদান কৰা হয় যি সকল এখন ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা আৰু যিসকলে ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰৰ যোগ্য [[উপভোক্তা]] আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্ব পালন কৰিব পাৰে। "<ref name="unesco"/> আধুনিক ৰাষ্ট্ৰৰ ধাৰণাৰ বিকাশ হোৱাৰ সমান্তৰালকৈ নাগৰিকত্বৰ ধাৰণাটোৰো বিকাশ সাধন হৈছিল। বৰ্তমান সময়ত নাগৰিকত্বৰ ধাৰণাটো অধিকাৰৰ সৈতে সম্পৰ্কিত যদিও আৰম্ভণি পৰ্যায়ত ই এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ সৈতেহে জড়িত হৈ আছিল।<ref name="unesco">{{Cite web |title=Citizenship |publisher=UNESCO |url=http://www.unesco.org/new/en/social-and-human-sciences/themes/international-migration/glossary/citizenship/}}</ref>
 
এজন ব্যক্তিৰ নাগৰিকত্ব কেইবাটাও থাকিব পাৰে। ঠাইভেদে আৰু ৰাষ্ট্ৰযন্ত্ৰভেদে ইয়াৰ প্ৰকাৰ বিভিন্ন। উদাহৰণস্বৰূপে ইংলেণ্ড বা ইংলেণ্ডৰ দৰে এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাত নাগৰিকত্ব আৰু জাতীয়তা একেই ধাৰণা, কিন্তু [[আমেৰিকা যুক্তৰাষ্ট্ৰ|আমেৰিকাৰ]] দৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাৰ বাবে নাগৰিকত্ব আৰু জাতীয়তা দুটা পৃথক বিষয়। নাগৰিকত্ব নথকা ব্যক্তিসকলক "ৰাষ্ট্ৰহীন ব্যক্তি" (Stateless) বুলি কোৱা হয়।
 
==নাগৰিকত্ব লাভ কৰাৰ ভিত্তি==
"https://as.wikipedia.org/wiki/নাগৰিকত্ব"ৰ পৰা অনা হৈছে