অসমীয়া–বঙালী লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
35 নং শাৰী:
অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ [[উমাচল শিলালিপি|উমাচলৰ লিপি]] অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "[[চৰ্যাপদ]]ত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়<ref>শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ</ref>। চৰ্যাপদসমূহ ৮ম-১২ শতিকামানত ৰচনা কৰা হৈছিল। [[বঙালী ভাষা]] আৰু [[উড়িয়া ভাষা]]ৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪ শতিকাত [[মাধৱ কন্দলী]]য়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "[[ৰামায়ণ]]" লিখি উলিয়ায়। উল্লেখযোগ্য যে [[সংস্কৃত]] ভাষাৰ [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ৰ অনুবাদৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণখনেই হ'ল যিকোনো উত্তৰ ভাৰতীয় স্থানীয় ভাষালৈ অনূদিত প্ৰথম ৰামায়ণ। ১৫ আৰু ১৬ শতিকাত মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ|শ্ৰীমন্ত শঙ্কৰদেৱে]] অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ [[ব্ৰজাৱলী]] ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। [[আহোম সাম্ৰাজ্য]]ত [[বুৰঞ্জী]] লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। [[আহোম]] ৰজা [[চক্ৰধ্বজ সিংহ]]ই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে।
 
লিপিবিদসকল [[অসমীয়া লিপি]]ৰ উৎপত্তি সম্পৰ্কে দুটা মতত বিভক্ত। প্ৰথম মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি, কুটিল লিপি আৰু পুৰণি অসমীয়া লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে। দ্বিতীয় মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা প্ৰাচীন কামৰূপী লিপি আৰু পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ ৰূপ পাইছে। ৫ম শতিকাৰ [[উমাচল শিলালিপি]] আৰু [[নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি|নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিয়েই]] এই অঞ্চলত অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ। তাৰ পিছৰ কালৰ শিলালিপি, তামৰ ফলিৰ লিপি আৰু [[সাঁচিপাত]]ৰ পুথিসমূহে ১৮-১৯ শতিকা মানলৈকে অসমীয়া লিপিৰ বিকাশ সূচায়। [[কানাই-বৰশীবোৱা শিলালিপি]]য়ে ইয়াকো প্ৰমাণ কৰে যে ১২ শতিকামানতে প্ৰাক্‌-অসমীয়া ৰূপ বা মধ্যযুগীয় বা [[কামৰূপী লিপি]]ৰ বিকাশ ঘটে<ref>goswami, Upendrantha; An introduction to Assamese(1978), Mani Manik publications</ref>। মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলী দেখিবলৈ পোৱা যায়: ''কাইথেলী/লহকৰি লিপি'' (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি), ''গড়গঞা লিপি'' (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল) আৰু ''বামুণীয়া লিপি'' (সংস্কৃত ভাষাৰ পৰা পুথি নকল কৰিবৰ বাবে [[ব্ৰাহ্মণ]]সকলৰ দ্বাৰা ব্যৱহৃত)। ১৯ শতিকাৰ প্ৰথম ভাগত [[আত্মাৰাম শৰ্মা]]ই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা '[[ধৰ্মপুস্তক]]' ([[বাইবেল]]ৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়<ref name=gov>{{cite web|title=History of Assam#Social and literacy consciousness in Assam | url=http://online.assam.gov.in/web/guest/historyofassam?webContentId=109386 | publisher=online.assam.gov.in | accessdate=13 Oct 2011}}</ref>। উল্লেখযোগ্য যে, এই পুথিত ব্যৱহাৰ কৰিবৰ বাবে সাজি লোৱা আখৰৰ গঢ় পূৰ্বে উল্লেখ কৰা বামুণীয়া শৈলীৰ আছিল। বৰ্তমান পুথিখনি পুনৰ মুদ্ৰিত হৈছে। পুনৰ মুদ্ৰণত লিপিৰ পূৰ্বৰ ৰূপ অক্ষুণ্ণ ৰাখি ফটোগ্ৰাফিক ৰূপত প্ৰকাশ কৰা হৈছে।
 
== ইউনিক’ডত বঙালী−অসমীয়া লিপি ==