ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
30 নং শাৰী:
 
==কাহিনীৰ সাৰাংশ==
ছবিৰ কাহিনীভাগ ১৯৫২ চনত পূব পাকিস্তানত (বৰ্তমানৰ [[বাংলাদেশ]]) সংঘটিত হোৱা [[বঙালী ভাষা আন্দোলন]]ৰ আধাৰত গঢ় লৈছে। পশ্চিম পাকিস্তানতকৈ পূব পাকিস্তানৰ জনসংখ্যা অধিক। অথচ উৰ্দুভাষীসকলৰ প্ৰভুত্ব থকা পাকিস্তান চৰকাৰে বলপূৰ্বক পূব পাকিস্তানৰ বঙালীভাষী জনগণৰ ওপৰত উৰ্দুভাষা জাপি দিব বিচাৰিছে। চৰকাৰৰ এই্ অন্যায় সিদ্ধান্তত পূব পাকিস্তানৰ বঙালী জনগণে তীব্ৰ বিৰোধ কৰি যদিও বঙালীভাষী বহুতো ব্যৱসায়ী, মোল্লা-মৌলৱী আৰু মুছলিম লীগে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে চৰকাৰক সমৰ্থন জনায়। অতি কম মূল্যৰ বিনিময়ত ভূ-সম্পত্তি দখল কৰাৰ উদ্দেশ্যে চৰকাৰৰ সৈতে হাত মিলাই থকা কিছুমান স্বাৰ্থান্বেষী মুছলমান লোকে হিন্দুসকলক ভাৰতলৈ আহিবলৈ প্ৰৰোচিত কৰে।
 
[[:en:Khulna|খুলনা]]ৰ এখন থানালৈ বদলি হৈ আহে জামছেদ নামৰ পশ্চিম পাকিস্তানৰ এজন বদমেজাজী পুলিছ বিষয়া। তেওঁ বঙালী কোৱাটো একেবাৰে সহ্য নকৰে। আনকি চৰাই এটাই বঙালীভাষাত ‘বৌ কথা কও’ বুলি চিঞৰি থকাটোও তেওঁ সহ্য কৰিব গুলিয়াই দিয়ে। থানাত যোগদান কৰিয়ে তেওঁ বঙালীভাষী সকলো পুলিছকে উৰ্দু শিকোৱাৰ ব্যৱস্থা কৰে। ইফালে [[:en:University of Dhaka|ঢাকা বিশ্ববিদ্যালয়]]ৰ ছাত্ৰ নাচিৰ, [[:en:Dhaka Medical College and Hospital|ঢাকা চিকিৎসা মহাবিদ্যালয়]]ৰ ছা্ত্ৰী দীপ্তি আদি এটা যুৱক-যুৱতীৰ দলে এখন বঙালী নাটক মঞ্চস্থ কৰাৰ বাবে প্ৰস্তুতি চলায়। জামছেদে কোনোপধ্যে বঙালী নাটক মঞ্চস্থ কৰাৰ কথা সমৰ্থন কৰিব নোৱাৰে যদিও দলটোক নিয়ন্ত্ৰণো কৰিব নোৱাৰে। যুৱক-যুৱতীৰ দলটোৱে নিজৰ কণ্ঠস্বৰ উত্থাপন কৰে আৰু নিজৰ ভাষিক অধিকাৰ ৰক্ষাৰ বাবে থিয় হয়।
 
==অভিনয় শিল্পী==