ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অনুবাদ
104 নং শাৰী:
== মই ৱিকিপিডিয়াত কিয় প্ৰবন্ধ লিখিব লাগে? মোৰ কি লাভ হ'ব? ==
 
আমি বিভিন্ন সময়ত বিভিন্ন সূত্ৰৰ পৰা নানা জ্ঞান লাভ কৰোঁ। সেইবোৰ হেৰাই যাবলৈ নিদি ভালদৰে সাঁচি থোৱাটো আৰু আনৰ মাজত বিতৰণ কৰাটো এক সামাজিক দায়িত্ব। সঞ্চয় কৰি নোথোৱাৰ দোষতে বহু মূল্যৱান তথ্য হেৰাই যায়। ৱিকিপিডিয়াৰ যোগেদি আমাৰ একত্ৰীত জ্ঞান সমাজলৈ মুকলি কৰি দি আমি উত্তৰ-প্ৰজন্মৰ বাবে আমাৰ স্বাভাৱিক দায়িত্ব পালন কৰিছোঁ।
We acquired the knowledge that we have now from various sources at various times. We have the social responsibility to store and share this knowledge to others. There is a lot of information that has been irrecoverably lost because nobody cared to store it. By sharing our knowledge through Wikipedia, we are doing a service for the generations to come.
 
জ্ঞান বিলাই দিয়াৰ তৃপ্তিয়েই এজন ৱিকিপিডিয়াৰ বাবে বঁটাস্বৰূপ। বিলালে জ্ঞান নকমে, বাঢ়িহে যায়। আমাৰ পূৰ্বজে ৰাখি থৈ যোৱা জ্ঞানৰ পোহৰেৰে আমি ধনী হোৱা নাই জানো।
The satisfaction of sharing knowledge is the reward each Wikipedia contributor gets. Knowledge always grows when shared. The knowledge we have today is the result of other people sharing like this in the past.
 
ইণ্টাৰনেটৰ আন যিকোনো ৱেবচাইটৰ বিপৰীতে ৱিকিপিডিয়াত সম্পাদকসকলে নিজৰ নিজৰ ভালপোৱা বিষয়ৰ তথ্য সময় অনুসৰি সলনি আৰু সম্পূৰ্ণ কৰি ৰাখে। ৱিকিপিডিয়াৰ লেখকসকলে সদায় কৈ আহিছে যে কোনো বিষয় ওপৰত লিখাৰ আগতে আগতে সেইটো খৰচি মাৰি পঢ়াৰ বাবে তেওঁলোকৰ নিজৰো লাভ হয়। আপোনাৰ প্ৰবন্ধটোত অধিক অৰ্হতাবিশিষ্ট আন ব্যক্তিয়ে হাত ফুৰোৱাৰ ফলত বিষয়টো অধিক স্পষ্ট হৈ উঠে। লগতে আপুনি ভাল পোৱা বিষয়ৰ ওপৰত আন ৱিকিপিডিয়ানৰ সৈতে হোৱা কথা-বতৰাইও আপোনাক জ্ঞানৰ নতুন নতুন দিগন্ত মুকলি কৰাত সহায় কৰিব।
Wikipedia editors keep the knowledge in Wikipedia more up to date and complete about our favorite subjects than on any other place on the internet. Wikipedia writers always comment that to write articles they study about it first and that helps to increase their knowledge as well. The corrections other knowledgeable persons make on your article helps you to understand the topic better. Also, by the conversations with other Wikipedia writers who contribute on your topic of interest, your knowledge increases again. So by contributing to articles, your knowledge also increases in multiple ways.
 
==ৱিকিপিডিয়াত লিখাৰ বাবে মই কিবা মাননি পাম নেকি?==
 
ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাৰ বাবদ আপুনি কোনোধৰণৰ মাননি লাভ নকৰে। ই এক জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰহে। সময়ে পাহৰাই দিব পৰা জ্ঞান বা তথ্য আনৰ মাজত বিলাই দিবলৈ আৰু তাৰ লগতে নিজৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ৱিকিপিডিয়াই আপোনাক সহায় কৰিব।
You will not be get any monetary benefit by contributing to Wikipedia. You are practicing an old phrase that says: "Rolling Stone gathers no moss", by sharing your knowledge. It is always a good practice to brush up your knowledge that might otherwise be forgotten.
 
== অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব পাৰিবনে?==