নাছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
6 নং শাৰী:
 
নাছাই মনোনিৱেশ কৰা বিজ্ঞানখণ্ডত আছে - ভূ নিৰীক্ষণ ব্যৱস্থাৰ যোগেদি পৃথিৱীখনক ভালদৰে বুজি উঠা, হেলিঅ'ফিজিক্স ৰিচাৰ্ছ প্ৰগ্ৰেমৰ প্ৰচেষ্টাৰ জৰিয়তে সৌৰকেন্দ্ৰিক পদাৰ্থবিজ্ঞানৰ উন্নয়ন, ''নিউ হৰাইজনছ''ৰ দৰে অত্যাধুনিক ৰব'টিক মহাকাশযানৰ দ্বাৰা সৌৰজগতত থকা বস্তুসমূহৰ অন্বেষণ, আৰু নিৰীক্ষণকেন্দ্ৰসমূহৰ জৰিয়তে [[মহানাদ|মহানাদ তত্ত্বৰ]] দৰে জ্যোতিঃপদাৰ্থবৈজ্ঞানিক বিষয়ৰ গৱেষণা।
 
== ইতিহাস ==
১৯৪৬ চনৰ পৰা নেচনেল এডভাইজাৰী কমিটি ফৰ এৰোনটিক্সে (NACA) ছুপাৰছনিক বেল এক্স-১ৰ দৰে ৰকেট বিমানৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। ১৯৫০ৰ দশকৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় ভূ-ভৌতিক বৰ্ষ (১৯৫৭–১৯৫৮)ৰ বাবে এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে গঢ়ি উঠা এটা প্ৰচেষ্টা আছিল আমেৰিকান প্ৰজেক্ট ভ্যানগাৰ্ড। ১৯৫৭ চনৰ ৪ অক্টোবৰত ছোভিয়েট মহাকাশ কাৰ্যসূচীয়ে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ (স্পুটনিক ১) উৎক্ষেপণ কৰাৰ পিছত আমেৰিকাৰ মনোযোগ নিজৰ নৱজাত মহাকাশ প্ৰচেষ্টাৰ ফালে ধাৱমান হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰযুক্তিগত নেতৃত্বৰ প্ৰতি অনুভূত ভাবুকিৰ বাবে (ইয়াক 'স্পুটনিক সংকটকাল' হিচাপে জনা যায়) আতংকিত হৈ আমেৰিকান কংগ্ৰেছে তাৎক্ষণিক আৰু দ্ৰুত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহাৱাৰে অধিক সুচিন্তিত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। ফলত হোয়াইট হাউছে মূল স্বাৰ্থজড়িত গোটসমূহৰ মাজত এক ঐকমত গঢ়ি তুলিছিল। ইয়াৰ ভিতৰত আছিল- মৌলিক গৱেষণাৰ প্ৰতি দায়বদ্ধ বিজ্ঞানীসকল; পেন্টাগন, যাৰ পৰ্য্যায় ছোভিয়েট সামৰিক কৃতিত্বৰ সৈতে মিলাবলগীয়া আছিল; নতুন ব্যৱসায়ৰ সন্ধানৰত আমেৰিকাৰ বৃহৎ ব্যৱসায় সংঘ; আৰু মহাকাশ অন্বেষণৰ প্ৰতি আগ্ৰহী জনমতৰ এক শক্তিশালী নতুন ধাৰা।
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/নাছা"ৰ পৰা অনা হৈছে