কেমব্ৰিজ বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
49 নং শাৰী:
 
কেমব্ৰিজ বিশ্ববিদ্যালয়খন ৩১খন সদস্য মহাবিদ্যালয় আৰু ১০০তকৈও অধিক বিভাগকে ধৰি ভালেমান অনুষ্ঠানৰ সন্মিলনত গঢ়ি উঠিছে। এই বিভাগসমূহক ৬খন স্কুলত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ অন্যতম বিভাগ [[কেমব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছ]] বিশ্বৰ প্ৰাচীনতম প্ৰকাশন সংস্থা আৰু বিশ্বৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় প্ৰকাশক। কেমব্ৰিজে ৮টাকৈ সাংস্কৃতিক আৰু বৈজ্ঞানিক সংগ্ৰহালয়ো পৰিচালনা কৰি আহিছে। ইয়াৰ ভিতৰত ফিট্জ্ৱিলিয়াম সংগ্ৰহালয় আৰু বোটানিক গাৰ্ডেন বিশেষভাৱে উল্লেখযোগ্য। কেমব্ৰিজৰ পুথিভঁৰালবোৰত সৰ্বমুঠ ১৫ নিযুত কিতাপ আছে। ইয়াৰে ৮ নিযুত কিতাপ বিশ্ববিদ্যালয়ৰ মূল পুথিভঁৰাল "কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰাল"ত সংৰক্ষিত হৈ আছে।
 
== ইতিহাস ==
দ্বাদশ শতিকাৰ শেষলৈ কেমব্ৰিজৰ ওচৰতে থকা ইলিৰ বিশ্বপ গীৰ্জাৰ সন্যাসীসকলৰ বাবে কেমব্ৰিজ ঠাইখনৰো শৈক্ষিক আৰু গীৰ্জা এলেকা হিচাপে নাম আছিল। কিন্তু [[অক্সফ'ৰ্ড বিশ্ববিদ্যালয়|অক্সফ'ৰ্ডত]] হোৱা ঘটনা এটাৰ বাবেহে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্থাপন হ'লগৈ বুলি ভবা হয়। এগৰাকী মহিলাৰ মৃত্যুক লৈ অক্সফ'ৰ্ডৰ তিনিজন শিক্ষাৰ্থীক নগৰ কৰ্তৃপক্ষই ফাঁচী দিছিল। এনেবোৰ ক্ষেত্ৰত সাধাৰণতে গীৰ্জা কৰ্তৃপক্ষই অগ্ৰাধিকাৰ পায়। তেওঁলোকে শিক্ষাৰ্থীকেইজনক হয়তো ক্ষমা কৰি দিলেহেঁতেন। কিন্তু সেইসময়ত গীৰ্জাৰ সৈতে কিং জনৰ বিবাদ চলি আছিল বাবে নগৰ কৰ্তৃপক্ষই এই ঘটনাটোক লৈ গীৰ্জাৰ সৈতে কোনোধৰণৰ আলোচনা নকৰিলে। নগৰবাসীয়ে অধিক হিংসাৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকাত অক্সফ'ৰ্ডৰ শিক্ষাৰ্থীসকলে পেৰিছ, ৰিডিং, কেমব্ৰিজ আদি আন চহৰসমূহলৈ যাবলৈ ধৰিছিল। অক্সফ'ৰ্ডত পুনৰ নিৰাপদভাৱে শিক্ষা আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহালৈ কেমব্ৰিজত ইতিমধ্যে যথেষ্ট শিক্ষাৰ্থী গোট খাইছিল। এনেদৰেই এখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ পথ প্ৰশস্ত হ'ল।
 
১২৩৩ চনত পোপ গ্ৰেগৰি নৱমে এখন ঘোষণাপত্ৰৰ যোগেৰে কেমব্ৰিজৰ স্নাতকধাৰী শিক্ষাৰ্থীসকলক খ্ৰীষ্টিয়ান সম্প্ৰদায় থকা সকলো ঠাইতে শিক্ষাদানৰ অধিকাৰ প্ৰদান কৰিছিল। ১২৯০ চনত পোপ নিকোলাছ চতুৰ্থই এখন চিঠিত কেমব্ৰিজক এখন studium generale বুলি বৰ্ণনা কৰিছিল। ১৩১৮ চনত পোপ জন দ্বাবিংশই এখন ঘোষণাপত্ৰৰ জৰিয়তে এয়া সুনিশ্চিত কৰিছিল। ইয়াৰ পিছত মধ্যযুগীয় আন ইউৰোপীয়ান বিশ্ববিদ্যালয়সমূহৰ পৰা গৱেষকসকলে কেমব্ৰিজলৈ অধ্যয়নৰ বাবে বা পাঠদানৰ বাবে আহিবলৈ লোৱাটো স্বাভাৱিক ঘটনা হৈ পৰিল।
 
==তথ্যসূত্ৰ==