হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
30 নং শাৰী:
১৮৬৭ চনত হেনৰী কটনে ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰি ভাৰতত উপস্থিত হয়। তেওঁৰ প্ৰথমে উইলিয়াম জেমছ হাৰ্চেলৰ অধীনত মিণ্ডাপুৰত নিযুক্ত হৈছিল। তাৰপিছত তেওঁ চৌদাংগাত সেৱা আগবঢ়ায় আৰু ১৮৭১ চনৰ প্ৰলয়ংকাৰী [[বানপানী]] প্ৰত্যক্ষ কৰে। ১৮৭২ চনত তেওঁ কলিকতাত নিযুক্তি লাভ কৰে। ১৮৭৩ চনত ছাৰ জৰ্জ কেম্পৱেলে তেওঁক বংগ চৰকাৰৰ সহকাৰী সচিব নিযুক্তি দিয়ে। ১৮৭৮ চনত তেওঁ ছট্টগ্ৰামৰ আয়ুক্ত পদ লাভ কৰে। ১৮৮০ চনত তেওঁ বংগ কৰ বৰ্ডত জ্যেষ্ঠ সচিব পদ লাভ কৰে। পিছলৈ তেওঁ চৰকাৰৰ কৰ সচিব, বিত্ত আৰু পৌৰসভা সচিব পদত অধিষ্ঠিত হয় আৰু বংগ বিধান পৰিষদৰো সদস্যপদ লাভ কৰে।
 
১৮৯৬ চনত তেওঁ অসম প্ৰদেশৰ চীফ কমিছনাৰ পদত অধিষ্ঠিত হয়। তেওঁৰ কাৰ্যকালত ব্ৰিটিছ ভাইছৰয় লৰ্ড কাৰ্জন অসমলৈ আহি কটনৰ ভূয়সী প্ৰশংসা কৰে। উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান [[কটন কলেজ]] তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০১ চনত স্থাপন কৰিছিল। ১৯০২ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ ১৯০২ চনত নাইট কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ অফ ইণ্ডিয়া উপাধি লাভ কৰে। ১৯০২ চনৰ ২৬ জুন তাৰিখে এই তালিকা প্ৰকাশিত হৈছিল আৰু ইংলেণ্ডৰ ৰজা এডৱাৰ্ড সপ্তমে ১৯০২ চনৰ ২৪ অক্টোবৰত বাকিংহাম পেলেচত তেওঁক এই উপাধি প্ৰদান কৰিছিলকৰিছিল৷
 
ইংলেণ্ডত ঘূৰি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে। তেওঁ ১৯১০ চনৰ যুক্তৰাজ্যৰ সাধাৰণ নিৰ্বাচনত ব্ৰিটিছ সংসদলৈ নটিংগাম পূব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯১০ চনত তেওঁ দ্বিতীয় বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও স্বাস্থ্য ভাঙি পৰাত অতি কম ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হয়।