মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
20 নং শাৰী:
১৪৮৯ চনত [[নাৰায়ণপুৰ]] নামে ঠাইৰ [[ৰঙাজান]] আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত [[লেতেকুপুখুৰী]] নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।<ref name="assaminfo1"/> প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে। এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে। এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম [[মনোৰমা]]<ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref>। তদুপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
==মণি-কাঞ্চণ সংযোগ==
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই।তেওঁ আৰু কলে যে তেওঁ ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেয়ো তাকে কৰিব লাগে।এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে।মাধৱে আগমৰ যুক্তি আগবঢ়াই আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ'ল।শেষতল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ "যথা তৰুৰ মূল -------" শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱদেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তাৰাইতেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ।দুয়োজনামাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰি গৈছে।<ref>{{cite কৃষ্ণ।web|url=http://www.srimanta.net/contents_l3.php?q=3&ID=1&ID3=41&link_caption=Madhavadeva জয়|title=Welcome গুৰুto শঙ্কৰ।The Site |publisher=Srimanta.net |date= |accessdate=2013-03-16}}</ref>।
 
==সাহিত্য ৰচনা==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে